/asomiyapratidin/media/media_files/2025/08/07/28-2025-08-07-08-02-16.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ তৌভঙাৰ জীয়াভৰলী নৈৰ দাঁতিৰ বজাৰ গাঁওসংযোগী তিনি কি.মি দৈৰ্ঘ্যৰ পথত বৃহস্পতিবাৰে পুৱাই এক গছপুলি ৰোপণ কাৰ্য্যসূচী শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ইয়াৰ লগতে তৌভঙাৰ বিশিষ্ট সমাজকৰ্মী গোবিন কাৰ্কিয়ে জীয়াভৰলী নদীৰ পাৰৰ শ্মশান ঘাটৰ প্ৰতি দান সূত্ৰে আগবঢ়োৱা এটি জিৰণি চ’ৰাৰো আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷
বিজেপিৰ নবিল ( ক), (খ) আৰু তৌভঙা বুথ সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত আয়োজিত এই কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত সজাগতা সভাৰ মুখ্য অতিথি হিচাপেও অংশগ্ৰহণ কৰে বিধায়কগৰাকীয়ে। তেওঁ উদ্যোক্তাসকলৰ এই পদক্ষেপক আদৰণী জনাই কয় যে, প্ৰাকৃতিক পৰিবেশ সুৰক্ষা তথা পাৰিপাৰ্শ্বিকতাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে গছপুলি ৰোপনত মনোনিৱেশ কৰা উচিত৷
ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে শ্মশান ঘাটৰ বাবে জিৰণি চ’ৰা আগবঢ়োৱা বিশিষ্ট সমাজকৰ্মী গোবিন কাৰ্কিৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। এই সম্পৰ্কত তেওঁ কয় যে, এই জিৰণি চ’ৰাৰ জৰিয়তে ৰাইজ নিশ্চিতভাৱে উপকৃত হ’ব৷
অঞ্চলটোৰ কেইবা শতাধিক পুৰুষ- মহিলা আৰু যুৱক- যুৱতীৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাখনিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লবিতা শৰ্ম্মা মহন্ত, জ্যেষ্ঠ বিজেপি নেতা মাধুৰ্য্য বৰা, ক্ষেম ৰাজ চেত্ৰী, বুলু আহমেদ, ৰাম নেৱাৰ, মিচিং অট’নমাচ কাউঞ্চিলৰ সদস্য ৰাজু চিন্তে, নবিল (ক) বুথ সমিতিৰ সভাপতি চুনিল মেছ আৰু নবিল (খ) বুথ সমিতিৰ সভাপতি ব্ৰজেন দাস, তৌভঙা বুথ সমিতিৰ সভাপতি দ্বীপেন মিলি দক্ষিণ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি মানস হাজৰিকা, সমাজকৰ্মী গোবিন কাৰ্কি, এছ টি মৰ্চাৰ সম্পাদক প্ৰকাশ চিন্তে , পঞ্চায়ত সদস্য কৃষ্ণ ঙাটে, নিৰ্মলা নেৱাৰ, জ্যোতি দাসৰ লগতে বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিয়ে৷