/asomiyapratidin/media/media_files/2026/02/28/boliviaaaa-2026-02-28-11-46-01.jpg)
ডিজিটেল ডেস্কঃ বোলিভিয়া বায়ু সেনাৰ এখন বিমান দুৰ্ঘটনাত পতিত হয়। এই বিমান দুৰ্ঘটনাত কেইবাগৰাকী লোক নিহত হোৱাৰ লগতে আহত হৈছে বহু কেইজন। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত বহু কোটি কোটি টকাৰ নতুনকৈ ছপা নোট লৈ যোৱা হৈছিল বুলি জানিব পৰা গৈছে।
দৰাচলতে, শুকুৰবাৰে সন্ধিয়া বোলিভিয়াৰ ৰাজধানী লা পাঞ্জৰ সমীপৰ এল অল্টো চহৰত এটা পথত সংঘটিত হয় এই দুৰ্ঘটনা। সেনা বাহিনীৰ এই বিমানখন পথত চলাচল কৰি থকা বহু কেইখন বাহনৰ ওপৰতো পৰে। ইফালে, বেয়া বতৰৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই বিমান দুৰ্ঘটনাত ১৫গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। তদুপৰি ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। এই সেনা বাহিনীৰ বিমানখনতেই লৈ যোৱা হৈছিল দেশত ছপা কৰা নতুন কোটি কোটি টকাৰ নোট।
আনহাতে, এই দুৰ্ঘটনাৰ পাছৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅটোত দেখিবলৈ পোৱা গৈছে যে, বহু লোক দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বিমানখনত লৈ যোৱা নোটসমূহ হাতে হাতে লৈ গুচি গৈছে। অৱশ্যে বোলিভিয়া চৰকাৰৰ তৰফৰ পৰা এই ভিডিঅ’টো সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us