LIVE UPDATES: ভস্মীভূত বিমানৰ তলৰ এতিয়াও আৱদ্ধ ৩যাত্ৰীৰ মৃতদেহ...

মহৰাষ্ট্ৰৰ বাৰামতীত পুৱা ৮.৪৫বজাত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এখন ব্যক্তিগত বিমানত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৬গৰাকী লোকৰ মৃত্যু হৈছে। এই ৬গৰাকী লোকৰ ভিতৰত আছিল মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
9acfba94-9a0a-4158-85f3-d308b3ca58ab

মহৰাষ্ট্ৰৰ বাৰামতীত পুৱা ৮.৪৫বজাত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এখন ব্যক্তিগত বিমানত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৬গৰাকী লোকৰ মৃত্যু হৈছে। এই ৬গৰাকী লোকৰ ভিতৰত আছিল মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ। বাৰামতীত অৱতৰণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাত। 

সবিশেষ খবৰৰ বাবে ৰিফ্ৰেছ কৰক

  • Jan 28, 2026 11:37 IST

    দুৰ্ঘটনা নে ষড়যন্ত্ৰ! অজিত পাৱাৰক মৃত্যুক লৈ ৰহস্য...

    বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ এগৰাকী শক্তিশালী ৰাজনৈতিক নেতা অজিত পাৱাৰৰ মৃত্যুৰ পাছতে এতিয়া সৰ্বত্ৰে শোকৰ বন্যা বৈছে। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি সকলোৱে শোক ব্যক্ত কৰিছে। ইয়াৰ মাজতে এই বিমান দুৰ্ঘটনাক লৈ ৰহস্যৰ গোন্ধ পাইছে একাংশই।

    একাংশই সন্দেহ ব্যক্ত কৰিছে যে, পৰিকল্পতিভাৱে বিমান দুৰ্ঘটনাৰ জৰিয়তে হত্যা কৰা হৈছে অজিত পাৱাৰক। একাংশই কৰা এই সন্দেহক আৰু অধিক ইন্ধন যোগালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰি মমতা বেনাৰ্জীয়ে এই ঘটনাৰ পুংখানুপুংখ তদন্তৰ দাবী কৰে।

    সামাজিক মাধ্যমত তেওঁ শোক ব্যক্তি কৰি কয় যে,   অজিত পাৱাৰৰ হঠাৎ মৃত্যুত মই গভীৰভাৱে স্তম্ভিত হৈছো। আজি পুৱা বাৰামাটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী আৰু তেওঁৰ সৈতে যাত্ৰা কৰা সকলৰো মৃত্যু হৈছে। মই গভীৰ শোক প্ৰকাশ কৰিছো। এই কাণ্ডৰ পুংখানুপুংখ তদন্ত হ'ব লাগিব।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক ফোন কৰি ঘটনা সন্দৰ্ভত পৰিস্থিতি বুজ লোৱাৰ লগতে তদন্তৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। 



  • Jan 28, 2026 11:12 IST

    অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ ৰাষ্ট্ৰপতিৰ...

    অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "মহাৰাষ্ট্ৰৰ বাৰামাটিত বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ লগতে বহু লোকৰ মৃত্যুৰ খবৰটো অত্যন্ত দুখজনক। এই দুৰ্ঘটনাত মৃত্যু হোৱা সকলোৰে পৰিয়ালকো ভগৱানে সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।"



  • Jan 28, 2026 11:11 IST

    প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ...

    বাৰামতিৰ বিমান দুৰ্ঘটনাক লৈ শোক ব্যক্ত কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।  অজিত পাৱাৰৰ দেহাৱসানৰ খবৰত মৰ্মাহত বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ। 



  • Jan 28, 2026 10:58 IST

    কি বিজুতিঁ ঘটিছিল অজিত পাৱাৰৰ বিমানখনত?

    পাৱাৰৰ বিমানখন কি কাৰণত দুৰ্ঘটনাত পতিত হ'ল, তাক লৈ বিশেষজ্ঞসকলে ভিন্ন শংকা কৰিছে। ইয়াৰ ভিতৰত মূলতঃ  ৭টা  সম্ভাৱ্য কাৰণ হৈছে এনেধৰণৰ। 

    কম দৃশ্যমানতা:ঘন কুঁৱলী, প্ৰচণ্ড বৰষুণ বা ডাঠ ডাৱৰৰ আৱৰণে পাইলটক ৰাণৱে, পাহাৰ বা চাৰিওফালৰ বাধাসমূহ স্পষ্টকৈ দেখাত বাধা দিব পাৰে। বিশেষকৈ লেণ্ডিং বা টেক অফৰ সময়ত এয়া এক বিপজ্জনক পৰিস্থিতি।

    বতাহৰ গতিঃপ্ৰতিকূল আছিলবতৰ। কেইছেকেণ্ডমানৰ ভিতৰতে বতাহৰ দিশ আৰু গতি সলনি হ’ব পাৰে, যাৰ ফলত বিমান এখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাব পাৰে। অৱতৰণৰ সময়ত দুৰ্ঘটনাৰ বাবে এইটো এটা ডাঙৰ বিপদজনক কাৰক।

    বজ্ৰপাত:যদিও আধুনিক বিমান বিজুলীৰ প্ৰতিৰোধী, কেতিয়াবা ইলেক্ট্ৰনিক ব্যৱস্থা বা চেন্সৰত প্ৰভাৱ পেলাব পাৰে।  যাৰ ফলত বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে।

    ইঞ্জিনৰ আইচিং:ঠাণ্ডা আৰু আৰ্দ্ৰ বতৰত  ইঞ্জিনত বৰফ গঠন হ’ব পাৰে। ইয়াৰ ফলত লিফ্ট হ্ৰাস পায় আৰু ইঞ্জিনৰ শক্তিত প্ৰভাৱ পৰে। যিহেতু এই দুৰ্ঘটনাটো লেণ্ডিঙৰ সময়ত সংঘটিত হৈছিল, গতিকে ইঞ্জিনৰ আইচিং হোৱাৰ সম্ভাৱনা কম।

    দিশৰ ক্ষেত্ৰত পাইলটৰ ভুল সিদ্ধান্তঃঘন ডাৱৰ বা আন্ধাৰত পাইলটসকলে দিশহাৰা অনুভৱ কৰিব পাৰে, অৰ্থাৎ তেওঁলোকৰ মগজুৱে দিশৰ জ্ঞান হেৰুৱাব পাৰে। ইয়াৰ ফলত ভুল নিয়ন্ত্ৰণ ইনপুট হ'ব পাৰে।

    নেভিগেচন/যন্ত্ৰ বিকলতা:প্ৰচণ্ড বৰষুণ বা ধুমুহাই ৰাডাৰ, পিটট টিউব (গতি সেন্সৰ), বা অন্যান্য যন্ত্ৰত ব্যাঘাত জন্মাব পাৰে। এই কাৰকসমূহৰ বাবে বিমান দুৰ্ঘটনাও হ’ব পাৰে।

    উল্লেখ কৰা প্ৰয়োজন যে, বিশেষজ্ঞসকলে এইকেইটা কাৰকৰ বাবে দুৰ্ঘটনাতো সংঘটিত হ'ব পাৰে বুলি আশংকাহে প্ৰকাশ কৰিছে। এতিয়াও বিমান পৰিবহন কৰ্তৃপক্ষই দুৰ্ঘটনাক লৈ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। 



  • Jan 28, 2026 10:21 IST

    নিজ সমষ্টিতে সংঘটিত হ'ল বিমান দুৰ্ঘটনা!

    পাৱাৰ পৰিয়ালৰ দুৰ্গ বুলি গণ্য কৰা বাৰামাতিৰ বিধায়ক অজিত পাৱাৰ। দুৰ্ঘটনাটোৰ পিছতে বিমানখন জুইত জাহ যায়। প্ৰথম অৱস্থাত এই দুৰ্ঘটনাত অজিত পাৱাৰ গুৰুতৰভাৱে আহত হোৱাৰ লগতে তেওঁক বাৰামাটিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছিল। অৱশ্যে কিছু সময়ৰ পিছতে তেওঁক মৃত ঘোষণা কৰা হয়। 
    সতীৰ্থৰ সৈতে বিমানখনত উঠিছিল অজিত পাৱাৰ। এই দুৰ্ঘটনাত পাইলটৰো মৃত্যু হয়। পুৱা ৮ৰ পৰা ৯ বজাৰ ভিতৰত মুম্বাইৰ পৰা উৰা মাৰিছিলচাৰ্টাড প্লেনখন।  চিকিৎসকৰ এটা দলে তেওঁক চিকিৎসা কৰি আছিল যদিও তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে।
    আজি বাৰামাতিত অজিত পাৱাৰে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল। বাৰামাটিৰ সাংসদ আৰু তেওঁৰ ভগ্নী সুপ্ৰিয়া চুলে বাৰামাতিলৈ ৰাওনা হৈছে। দিল্লীৰ পৰা বাৰামাতিলৈ ৰাওনা হৈছে পাৱাৰৰ পৰিয়াল। জীৱনৰ অন্তিম ২৪ঘন্টাত বহুকেইটা চৰকাৰী কাৰ্যসূচীত অংশ লৈছিল অজিত পাৱাৰে।
    মঙলবাৰে সন্ধিয়া ভাগত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সৈতে এখন বৈঠকতো অংশ লৈছিল অজিত পাৱাৰে। কেবিনেট পৰ্যায়ৰ এই মিটিঙত বহুকেইটা সিদ্ধান্তও গ্ৰহণ কৰা হৈছিল। এই চৰকাৰী কাৰ্যসূচীৰ পিছতে ঘৰলৈ উভতি হৈছিল অজিত পাৱাৰ। তাৰ পিছতে পুৱা ৮.৩০বজাত ঘৰৰ পৰা ওলাই বিমানেৰে ৰাওনা হৈছিল বাৰামতিলৈ। 



  • Jan 28, 2026 10:05 IST

    অজিত পাৱাৰৰ ভগ্নী সুপ্ৰিয়া ছুলে বাৰামতীলৈ ৰাওনা...

    অজিত পাৱাৰৰ ভগ্নী সুপ্ৰিয়া ছুলে বাৰামতীলৈ ৰাওনা। জ্যেষ্ঠ ভাতৃ শাৰদ পাৱাৰৰ ঘৰত একত্ৰিত হৈছে পৰিয়ালৰ সকলো লোক। 



  • Jan 28, 2026 10:02 IST

    ভস্মীভূত বিমানখনৰ তলত এতিয়াও আৱদ্ধ হৈ আছে ৩গৰাকী যাত্ৰীৰ মৃতদেহ...

    ভস্মীভূত বিমানখনৰ তলত এতিয়াও আৱদ্ধ হৈ আছে ৩গৰাকী যাত্ৰীৰ মৃতদেহ। জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। 



বিমান দুৰ্ঘটনা