/asomiyapratidin/media/media_files/2025/07/27/america-27-2025-07-27-09-25-05.jpg)
ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল আমেৰিকান এয়াৰ লাইন্সৰ এখন বিমান। জানিব পৰা মতে ইঞ্জিন বিকল হোৱাৰ বাবে অৱতৰণৰ সময়তে এই বিমানখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
বয়িং বিমানখনৰ ইঞ্জিনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়তে বিমানখনত আছিল ১৭৯ জন যাত্ৰী।পিছত আটাইকেইজন যাত্ৰীক জৰুৰীভাৱে নিৰাপদে বিমানখনৰ পৰা উলিয়াই অনা হয়। ডেভন বিমানবন্দৰত সংঘটিত হোৱা এই ঘটনাৰ কেইবাটাও ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ঘটনাত এজন যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে।
ঘটনাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'ত দেখা গৈছে যে, বিমানখন ৰাণৱেত ৰৈ আছে আৰু তাৰ ইঞ্জিনৰ পৰা ধোঁৱা ওলাই আছে। ইয়াৰ মাজতে বিমানখনৰ জৰুৰীকালীন দুৱাৰৰ পৰা মানুহবোৰ ওলাই আহিছে।
একাংশ যাত্ৰী এই জৰুৰীকালীন দুৱাৰৰ জৰিয়তে নামি অহাৰ সময়ত তেওঁলোকৰ সৈতে শিশুকো দেখা গৈছে। সম্প্ৰতি বিমানখনৰ ইঞ্জিন কেনেকৈ বিকল হ’ল সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে।
এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডেনেভা আন্তঃৰাষ্ট্ৰীয় বিমানহন্দৰ কৰ্তৃপক্ষই। তেওঁলোকে কয়, বয়িং বিমানখন আমেৰিকাত অৱতৰণ কৰাৰ সময়ত ইঞ্জিন বিকল হোৱাৰ বাবে জুই লাগিছিল। বিমানখনৰ ইঞ্জিনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বিমানখনত ১৭৯ জন যাত্ৰী আছিল। পিছত আটাইকেইজন যাত্ৰীক নিৰাপদে উলিয়াই অনা হয়।
This is becoming routine for airline travel. This is American Airlines in Denver.
— Spitfire (@DogRightGirl) July 26, 2025
Rear wheels blew. pic.twitter.com/NJ7akXtNB9