/asomiyapratidin/media/media_files/2026/01/30/dnt-delete-copy-2026-01-30-23-34-11.jpg)
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ১৪ বছৰৰ অন্তত পাকিস্তান আৰু বাংলাদেশৰ মাজত পুনৰ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। বাংলাদেশ এয়াৰলাইন্সৰ এখন বিশেষ বিমানে ঢাকাৰ পৰা কৰাচীলৈ এখন উদ্বোধনী বিমান চলাচলৰ দ্বাৰা এই সেৱা পুনৰ আৰম্ভ কৰে।
২০১২ চনৰ পৰা দুই দেশৰ মাজত পোনপটীয়া বিমান যোগাযোগ বন্ধ আছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-image-2026-01-30-22-27-41.jpeg)
তথ্য অনুসৰি, বাংলাদেশ এয়াৰলাইন্সৰ বিমান বিজি ৩৪১ ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা নিশা ৮:১৫ বজাত উৰা মাৰি নিশা ১১:০৩ বজাত কৰাচীত উপস্থিত হয়। ইপিনে বাংলাদেশৰ অসামৰিক বিমান পৰিবহণ আৰু পৰ্যটন উপদেষ্টাগৰাকীয়ে কয় যে ঢাকা-কাৰাচী পথৰ লক্ষ্য হৈছে “সংযোগ বৃদ্ধি, পৰ্যটনক প্ৰসাৰ কৰা আৰু মানুহৰ মাজত সংযোগ শক্তিশালী কৰা ৷” বাংলাদেশ এয়াৰলাইন্সে ক্ৰমান্বয়ে বিমানৰ ভাৰা হ্ৰাস কৰি জনসাধাৰণৰ বাবে যাত্ৰা অধিক সুলভ কৰি তুলিব বুলি উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us