“Who is Dr. Himanta Biswa Sarma?” গৌৰৱ গগৈৰ প্ৰশ্নত পীয়ুষ হাজৰীকাৰ তীব্ৰ প্ৰত্যুত্তৰ

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰায়ে ৰাজনৈতিক সভা আৰু বক্তব্যত “Who is Dr. Himanta Biswa Sarma?” বুলি কৰা মন্তব্যৰ কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। সামাজিক মাধ্যমযোগে সাংসদ গৌৰৱ গগৈক  প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী হাজৰিকাই

author-image
Asomiya Pratidin
New Update
672

ডিজিটেল সংবাদ, গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰায়ে ৰাজনৈতিক সভা আৰু বক্তব্যত “Who is Dr. Himanta Biswa Sarma?” বুলি কৰা মন্তব্যৰ কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। সামাজিক মাধ্যমযোগে সাংসদ গৌৰৱ গগৈক  প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী হাজৰিকাই।

তেওঁ কয় - ড০ শৰ্মা ডাঙৰীয়া এটি তেনেই সাধাৰণ ঘৰৰ পৰা অহা ব্যক্তি, যাৰ কোনো পলিটিকেল বেকগ্ৰাউণ্ড নাই। আপুনি সোণৰ চামুচ মুখত লৈ জন্ম পাইছে, গতিকে আপুনি এটি সাধাৰণ পৰিয়ালৰ পৰা অহা ব্যক্তি ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিনি নোপোৱাটো তেনেই স্বাভাৱিক কথা।

তেখেতৰ আজিৰ উত্তৰণত আছে তেখেতৰ অসীম শ্ৰম, অসমক ভাল পোৱাৰ সঁচা মানসিকতা, প্ৰচুৰ ত্যাগ আদি। তেখেতৰ কৰ্মোদ্যম তেখেতৰ মূলধন। গৌৰৱ গগৈৰ দৰে ড০ শৰ্মাৰ কোনো ৰাজনৈতিক পৃষ্ঠভূমি নাছিল আৰু অসমক আগুৱাই নিবলৈ তেখেতে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছে।

লগতে মন্ত্ৰী হাজৰিকাই গগৈৰ ব্যক্তিগত পৃষ্ঠভূমিক লৈয়ো আক্ৰমণাত্মক ভাষাৰে কয় - গগৈৰ পৰিয়ালৰ ৩ গৰাকী সদস্যই বিদেশী নাগৰিক। আনহাতে গৌৰৱ গগৈয়েও বহু সময় বিদেশত কটোৱাৰ বাবে অসমৰ জনসাধাৰণৰ আৱেগ-অনুভূতিৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে।

পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা পৰিয়ালটোৱে Who is Dr. Himanta Biswa Sarma বুলি সোধাটো নিতান্তই স্বাভাৱিক! ইয়াৰ উপৰিও, গগৈৰ অসমীয়া ভাষাজ্ঞানক লৈ প্ৰশ্ন তুলি পীয়ুষ হাজৰিকাই কয় যে যি নেতাই শুদ্ধকৈ অসমীয়া ক’ব-লিখিব নাজানে, তেওঁ অসমীয়াৰ আৱেগ, আত্মসন্মান আৰু নেতৃত্ব কেনেকৈ বুজিব?

মন্ত্ৰী হাজৰিকাই একেবাৰে শেষত এই কথা ব্যক্ত কৰে, ড° হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ আদৰৰ জননেতা আৰু দেশ-বিদেশতো অসমক প্ৰতিনিধিত্ব কৰা এজন মুখ্যমন্ত্ৰী হিচাপে পৰিচিত। ড০ শৰ্মা ডাঙৰীয়াৰ গোটেই পৰিয়াল ভাৰতীয় নাগৰিক, তেখেতৰ লগতে পৰিয়ালৰ কোনোধৰণৰ পাকিস্তানৰে সম্পৰ্ক নাই, বিদেশী নাগৰিকত্ব নাই, আপোনাতকৈ শুদ্ধকৈ অসমীয়া ক'বলৈ-লিখিবলৈ জনা ব্যক্তি হৈছে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।

বক্তব্যৰ অন্তত মন্ত্ৰী হাজৰিকাই আশা ব্যক্ত কৰি কয় যে এই বিতৰ্কৰ জৰিয়তেই গৌৰৱ গগৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব, জনপ্ৰিয়তা আৰু অসমৰ উন্নয়নত তেখেতৰ ভূমিকাক চিনি পাবলৈ সক্ষম হ’ব।

পীয়ুষ হাজৰিকা