/asomiyapratidin/media/media_files/2025/08/13/bjbkjnbk-2025-08-13-18-30-12.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ ১৭ খন গাঁও পঞ্চায়ত সামৰি নতুনকৈ গঠন হোৱা ৰঙাপৰা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় বুধবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/13/capturejkm-2025-08-13-19-09-00.jpg)
আনহাতে অজাপ আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰীকাই সদৰি কৰে যে, "লুৰিণজ্যোতি গগৈয়ে কৈছিল কংগ্ৰেছৰ সৈতে তেওঁৰ মতাদৰ্শৰ মতবিৰোধ আছে যদিও ৰাইজৰ বাবে সহাৱস্থান কৰিবলৈ বাধ্য হৈছো ৷ কিন্তু তেওঁ ৰাইজৰ বাবে সহাৱস্থান নহয় কিবাকে কংগ্ৰেছৰ বোকোচাত উঠি বিধায়ক বা সাংসদ হ'বলৈহে মন মেলিছে" বুলি কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/13/capturegdgfgfg-2025-08-13-19-09-19.jpg)
লগতে বৰ্তমান তিনি গগৈৰ কোনো কাম নাই আৰু তিনি গগৈ সন্দৰ্ভত প্ৰশ্ন নকৰিবলৈ সাংবাদিকক আহ্বান জনায় মন্ত্ৰী পীয়ুষ হাজৰীকাই। সমজিলাৰ আয়ুক্তৰ কাৰ্য্যালয় মুকলি অনুষ্ঠানটিত মন্ত্ৰী গৰাকীক সহযোগ কৰে সমষ্টিটোৰ বিধায়ক কৃষ্ণকমল তাতীয়ে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us