/asomiyapratidin/media/media_files/2025/10/17/1-2025-10-17-16-37-44.jpg)
ডিজিটেল সংবাদ,জাগীৰোডঃ সমগ্ৰ ৰাজ্যৰ বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ চলি থকাৰ সমানে সমানে আজি জাগীৰোড বিধানসভা সমষ্টিতো বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । সুস্বাস্থ্যৱান অসম গঢ়াৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা শুশ্ৰূষা সেতু কাৰ্যসূচীৰ অধীনত আজি জাগীৰোডৰ জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰত মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকি আনুষ্ঠানিকভাৱে স্বাস্থ্য শিবিৰটো মুকলি কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/17/whatsapp-ima-2025-10-17-16-28-46.jpeg)
মূলতঃ ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক বিশেষ গুৰুত্ব প্ৰদানৰ অৰ্থে আয়োজিত এই শিবিৰত ৩০ গৰাকীৰো অধিক চিকিৎসকে অংশ লৈছে। এই শিবিৰত পৰীক্ষা, ৰোগ নিৰ্ণয় আৰু চিকিৎসা প্ৰদানৰ সুবিধা উপলব্ধ আছে।
আজি এই বৃহৎ স্বাস্থ্য শিবিৰটো মুকলি কৰি মন্ত্ৰী হাজৰীকাই উপস্থিত ৰাইজৰ সৈতে মত বিনিময় কৰে ।মন্ত্ৰীগৰাকীয়ে কয় যে এখন দেশ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শিক্ষা, স্বাস্থ্য আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হোৱাটো আটাইতকৈ প্ৰয়োজনীয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/17/whatsapp-im-2025-10-17-16-29-05.jpeg)
অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে এই তিনিওটা ক্ষেত্ৰতে আটাইতকৈ অধিক গুৰুত্ব প্ৰদান কৰা বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে । চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, বাট পথ উন্নয়ন তথা শিক্ষাৰ পৰিকাঠামো শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ মন্তব্য কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/17/whatsapp-image-20-2025-10-17-16-29-21.jpeg)
আনহাতে জাগীৰোডক ৰাজ্যখনৰ এটা অন্যতম আগশাৰীৰ সমষ্টি হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰি বহুখিনি সফল হোৱা বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us