হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ পৰামৰ্শত অসম উন্নয়নৰ দিশে ধাৱমান হৈছেঃ পীয়ুষ গোৱেল...

দিল্লীত অনুষ্ঠিত হোৱা সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ-২০২৫ত অংশ লয় কেন্দ্ৰীয় উদ্যোগ তথা বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে। ঋষি বৰুৱাই আঁত ধৰা এই বিশেষ আলোচনা সত্ৰটোত দেশ তথা উত্তৰ-পূবৰ বাণিজ্য-ব্যৱসায়ৰ

New Update
ap web session 4

ডিজিটেল ডেস্কঃ  দিল্লীত অনুষ্ঠিত হোৱা সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ-২০২৫ত অংশ লয় কেন্দ্ৰীয় উদ্যোগ তথা বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে। ঋষি বৰুৱাই আঁত ধৰা এই বিশেষ আলোচনা সত্ৰটোত দেশ তথা উত্তৰ-পূবৰ বাণিজ্য-ব্যৱসায়ৰ লগতে দেশৰ অৰ্থনৈতিক দিশটোৰ ওপৰত আলোকপাত কৰা হয়। 

দেশৰ অৰ্থনৈতিক অৱস্থা পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হোৱা বুলি দাবী কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, আমি সকলো দিশৰ পৰাই দেশবাসীক সকাহ দিবলৈ যত্ন কৰি আহিছো। আমাৰ চৰকাৰে জনতাক কেনেধৰণে সকাহ প্ৰদান কৰিছে সেয়া চাবলৈ ২০১২চনলৈ উভতি চালেই হ'ল।

কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি তেওঁ কয় যে,  যেতিয়া কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এৰ চৰকাৰ দেশত আছিল তেতিয়া জনতাক সকলোফালৰ পৰাই মাধমাৰ দিয়া হৈছিল। ২০১৪চনত মোডী ডাঙৰীয়াৰ ৰিৰ্জাভ বেংকৰ সৈতে আলোচনাত বহি বহুকেইটা অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছিল। ভাৰত চৰকাৰ আৰু ৰিৰ্জাভ বেংকে এককভাৱে সকলো দিশৰ পৰাই দেশৰ অৰ্থনীতিক উদ্ধাৰৰ বাবে কাম কৰি আছে আৰু তাৰ ফল শেহতীয়াকৈ জনতাই দেখিছে।

মূল্যবৃদ্ধিৰ সৈতে চৰকাৰে মোকাবিলা কৰাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়-   দেশত যেতিয়াই অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হয়, তাৰ সৈতে মোকাবিলা কৰিবলৈ আমি প্ৰতিমাহেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে বৈঠকত বহো। জনতাক কেনেকৈ এনে বিপদৰ পৰা মুক্ত কৰিব পৰা যায়, তাক লৈ আমি চৰ্চা কৰো। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়,  ‘মই প্ৰধানমন্ত্ৰী মোডীজীক ধন্যবাদ জনাওঁ, কাৰণ তেওঁৰ নেতৃত্বত পৰোক্ষ কৰ ব্যৱস্থালৈ এক ঐতিহাসিক পৰিৱর্তন আহিছে। যোৱা ৩ ছেপ্টেম্বৰত তেওঁ যি পদক্ষেপ ল’লে, তাৰ ফলত সাধাৰণ মানুহে ব্যৱহাৰ কৰা বহু সামগ্ৰীৰ কৰ হ্ৰাস পোৱা গৈছে’। 

 তেওঁ লগতে কয়-  আৰু উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে উন্নয়নৰ পথত আগবাঢ়িছে, সেয়া ঐতিহাসিক। ভাৰত স্বাধীন হোৱাৰ পৰাই এই ১১ বছৰত অঞ্চলটোৱে আটাইতকৈ বেছি উন্নয়ন দেখা পাইছে।  প্ৰধানমন্ত্ৰীয়ে নিজে ৫০বাৰৰো অধিক উত্তৰ পূৰ্বাঞ্চললৈ গৈছে। প্ৰথম দিনৰে পৰা মোডীজীয়ে আমাক কৈ আহিছে উত্তৰ পূৰ্বাঞ্চল আগুৱাই নগ’লে ভাৰত আগুৱাই যাব নোৱাৰে। অঞ্চলটোৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীলৈ ৰে’লৱে আৰু হাইৱে’ সংযোগ প্ৰদান হৈছে। ইয়াৰ আগতে আমি কেৱল দুর্নীতিৰ কথাই শুনিছিলোঁ।

মুদ্ৰাস্ফীতিৰ সন্দৰ্ভত তেওঁ কয়-  ভাৰতত মুদ্ৰাস্ফীতি ২ শতাংশ। স্বাধীনতাৰ ৭৫ বছৰৰ পিছৰ ইতিহাসত যোৱা ১১ বছৰতহে প্ৰথমবাৰলৈ মোডীজীৰ নেতৃত্বত আটাইতকৈ কম মুদ্ৰাস্ফীতি দেখা গৈছে। কংগ্ৰেছৰ শাসনকালত ২৫ ৰ পৰা ২৭ শতাংশলৈকে মু্দ্ৰাস্ফীতি হৈছিল। মুদ্ৰাস্ফীতিয়ে সাধাৰণ মানুহৰ বাবে সমস্যাৰ সৃষ্টি নকৰে। এই বিষয়ক লৈ মই, অমিত শ্বাহ আৰু মোদীজীৰ সৈতে প্ৰায়ে আলোচনা কৰো।

দেশৰ অৰ্থনীতিক লৈ তেওঁ কয়-  আমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি। আইএমএফৰ তথ্য অনুসৰি, ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি দ্ৰুতগতিত বৃদ্ধি হৈছে। ডলাৰৰ বিপৰীতে টকাৰ পতন বিশ্বজুৰি অনিশ্চয়তাৰ বিষয়।  বিশ্বৰ সকলোতে বিভ্ৰান্তি আৰু চাপ আছে। এনে পৰিস্থিতিত সকলো উদীয়মান অৰ্থনীতিৰ মুদ্ৰাই দুৰ্বল হৈছে। যোৱা ৮-১০ মাহত এইটো অধিক দেখা গৈছে। মই বিশ্বাস কৰোঁ যেতিয়া পৰিস্থিতি স্থিৰ হ’ব, তেতিয়া ইয়াতো উন্নতি দেখা যাব।

একেবাৰে শেষত তেওঁ কয়-  আমাৰ কৃষক, যুৱক-যুৱতী, কাৰিকৰ, ষ্টাৰ্টআপ—সকলোৱে মিলে এক উত্তম ভাৰতৰ বাবে কাম কৰি আছে। এয়াই আমাৰ শক্তি, আৰু ইয়েই দেশক আগবাঢ়াই নিছে।  ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰৰ জয়ন্তী পালন কৰিব। তেতিয়ালৈকে ভাৰত ৩০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ পৰিণত হ’ব।

প্ৰতিদিন অসমীয়া প্ৰতিদিন 'অসমীয়া প্ৰতিদিন ডিজিটেল' প্ৰতিদিন গোষ্ঠী প্ৰতিদিন টাইম