/asomiyapratidin/media/media_files/2025/10/01/web-ap-pijush-2025-10-01-13-37-44.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা দুই গৰাকী অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আজি গ্ৰেপ্তাৰৰ পাছতে সামাজিক মাধ্যমত বিভিন্নজনে নিজ নিজ মতামত প্ৰকাশ কৰে।
এই নাটকীয় গ্ৰেপ্তাৰৰ কিছু সময় পাছতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলাই মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ নিজ ফেচবুকত লিখে যে, "মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মৰমৰ জুবিনদাৰ আকস্মিক বিয়োগৰ ঘটনাৰ ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া অনুসৰি পূৰণৰ দিশে আগবাঢ়ি গৈ আছে।
অসমলৈ জুবিনদাৰ নশ্বৰ দেহ ঘূৰাই অনাৰ পৰা আৰম্ভ কৰি যথোচিত মৰ্যাদাপূৰ্ণ আৰু শান্তিপূৰ্ণভাৱে শেষকৃত্য সুনিশ্চিত কৰা, ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে দ্ৰুতগতিত পদক্ষেপ লোৱা, জুবিনদাৰ নামটোক নিজৰ এজেণ্ডাৰ বাবে অপব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা একাংশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰালৈকে।
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিটো কামেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গৰ অমৰ, অম্লান অৱদানক সুৰক্ষিত তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আগন্তুক দিনতো প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি দৃঢ় বিশ্বাসী।"
মন্ত্ৰী গৰাকীৰ এই পোষ্টৰ পাছতে সামাজিক মাধ্যমত একাংশই চৰকাৰৰ ওপৰত দৃঢ় বিশ্বাস দেখুৱাৰ বিপৰীতে আন একাংশই এই অভিযুক্ত দুজন আইনৰ সুৰুঙাৰে সাৰি যাব বুলিও উল্লেখ কৰিছে। লগতে কয় যে, গ্ৰেপ্তাৰ মানে শাস্তি নহয়। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিয়াতকৈ সেইদিনা ধন্যবাদ দিব যিদিনা CID য়ে মজবুত অভিযোগনামা দাখিল কৰি আদালতে দোষী সাব্যস্ত কৰিব।