সুৰা সেৱন কৰি ধৰা পৰিল পাইলট, কি হ’ল শাস্তি?

সুৰা সেৱন কৰি ধৰা পৰিল পাইলট, কি হ’ল শাস্তি?

author-image
asomiyapratidin
New Update
সুৰা সেৱন কৰি ধৰা পৰিল পাইলট, কি হ’ল শাস্তি?

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সুৰা সেৱন কৰি নিশা মহানগৰীত যান-বাহন চলাওতে আপুনি এবাৰলৈও হ'লেও ভাবে! কিজানিবা বাটত আৰক্ষী থাকে। তালাচীৰ সময়ত মুখত আনি ব্ৰীথ এনালাইজাৰ আনি লগাই দি কয়- ক'ৰ পৰা আহিছে? কি নাম আপোনাৰ? সেই কেইটাৰ উত্তৰ দিলেই যথেষ্ট। তাত ধৰা পৰি যায় আপুনি সুৰা সেৱন কৰিছে নে নাই বা কিমান পৰিমাণৰ কৰিছে। সেই অনুপাতে আৰক্ষীয়ে আপোনাক জৰিমনা বিহে। প্ৰয়োজনত দাবী-ধমকিও দিয়ে। আজি পিছে আপোনাক তেনে কোনো মহানগৰীৰ বাটে-পথে সুৰা সেৱন কৰি গাড়ী চলোৱা ব্যক্তিৰ খবৰ দিবলৈ লোৱা নাই।

Advertisment

দেওবাৰে এই অভিযান চলিল বিমান চালকৰ বিৰুদ্ধেহে। কেপ্টেইন অৰবিন্দ কাঠপালিয়া নামৰ বৈমানিকজনৰ মুখৰ সন্মুখত লগাই দিয়া হৈছিল ব্ৰীথ এনালাইজাৰ। ধৰা পৰিল তেওঁ সুৰা সেৱন কৰাৰ কথা। পৰিণাম পিছে ভয়ংকৰ হ'ল। ৰাজপথত সুৰা সেৱন কৰি যান-বাহন চলোৱা চালকৰ দৰে তেওঁক প্ৰথমবাৰ বুলিয়েই ৰেহাই দিয়া নহ'ল। পাইলটগৰাকীৰ বিমান উৰণৰ লাইচেঞ্চ ৩ বছৰৰ বাবে বাতিল কৰা হ'ল। ডায়ৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েশ্যনে প্ৰকাশ কৰিছে এই কথা।