স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰীকাৰ হৃদয়স্পৰ্শী দৃশ্য....

অনুষ্ঠান চলি আছিল। থিক তেনেকুৱাতে মন্ত্ৰী হাজৰীকাই পুত্ৰক কিবা এটা কৈছিল। বিধায়ক ৰমাকান্ত দেউৰীক দেখুৱাই কিবা এটা কৰিবলৈ দিছিল পুত্ৰক।

author-image
Asomiya Pratidin
New Update
new ap web ১

ডিজিটেল সংবাদ, মৰিগাওঁঃ ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকা। এইজন মন্ত্ৰীয়েই স্বাধীনতা দিৱসৰ দিনটোত কৰা দুটা বিশেষ কামে সামাজিক মাধ্যমত লাভ কৰিলে ব্যাপক চৰ্চা। 

মৰিগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মঞ্চত মন্ত্ৰী হাজৰীকা। মন্ত্ৰীগৰাকীৰ কাষত আছিল পুত্ৰ-কন্যা আৰু পত্নী। একে শাৰীতে আছিল জিলা আয়ুক্ত- আৰক্ষী অধীক্ষক। আনহাতে, কেইখনমান আসনৰ সিফালে একেই শাৰীতে বহিছিল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। অনুষ্ঠান চলি আছিল। থিক তেনেকুৱাতে মন্ত্ৰী হাজৰীকাই পুত্ৰক কিবা এটা কৈছিল। বিধায়ক ৰমাকান্ত দেউৰীক দেখুৱাই কিবা এটা কৰিবলৈ দিছিল পুত্ৰক।

Capturedd

পিতৃৰ কথা শুনি আসনৰ পৰা উঠি গৈছে মন্ত্ৰী হাজৰীকাৰ পুত্ৰ। আৰু তাৰ পিছতেই বিধায়ক দেউৰীৰ ভৰি চুই সেৱা কৰিছে মন্ত্ৰী পুত্ৰই। বিধায়ক দেউৰীয়েও মন্ত্ৰী পুত্ৰক মুৰত হাত বুলাই আশীৰ্বাদ দিছিল।

Capturedfgfgfgfg

তাৰ পিচতেই চকুত পৰিছিল আন এক ভাললগা দৃশ্য। কাণত ধৰি কন্যাৰ ফালে চাই কিবা এটা কৈ আছিল মন্ত্ৰী জনে। এই ফটোখন শ্বেয়াৰ কৰি মন্ত্ৰী হাজৰীকাই নিজেই ফেচবুকত লিখিলে, সময় দিব নোৱাৰাৰ বাবে কন্যাই অভিমান কৰি আছিল। এনেকৈ কন্যাৰ অভিমান ভাঙিছে মন্ত্ৰীজনে।

WhatsApp Image 2025-08-16 at 5.02.18 PM

স্বাধীনতা দিৱসৰ দিনটোত মন্ত্ৰীজনৰ এই দুটা কাৰ্যই সকলোৰে মন ভৰাই তুলিলে।

মন্ত্ৰী পীযুষ হাজৰীকা