অসমৰ ১৫ টা স্থানত অমৃত সৰোবৰ নিৰ্মাণত গৃহ মন্ত্ৰ্যালয়ৰ অনুমোদনঃ পীযুষ হাজৰীকা

এই বছৰ ১৫ টা অমৃত সৰবোৰ নিৰ্মাণ কৰা হ’ব৷ অহা এমাহৰ ভিতৰত এই কাম আৰম্ভ কৰা হ’ব৷ এনেধৰণৰ সৰবোৰ যদি ৩০০ বা ৪০০ কৰিব পাৰো তেন্তে অসমৰ বানপানী সমস্যা একেবাৰে নাইকিয়া হ’ব বুলি মই উপলব্ধি কৰোঃ মন্ত্ৰী পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-03 at 7.35.40 PM

ডিজিটেল ডেস্কঃ অসমৰ ১৫টা স্থানত অমৃত সৰোবৰ নিৰ্মাণৰ বাবে ৬৯২ কোটি টকাৰ অনুমোদন দিছে গৃহ মন্ত্ৰ্যালয়ে ৷ এই ধনেৰে শোণিতপুৰ জিলাত ১টা, যোৰহাটত ৪ টা, গোলাঘাটত ৪ টা, শিৱসাগৰত ১ টা, ডিব্ৰুগড়ত ১ টা, মাজুলীত ১ টা, তিনিচুকীয়াত ১ টা, মৰিগাঁও জিলাত ১ টা আৰু কামৰূপ জিলাত ১ টা অমৃত সৰোবৰ নিৰ্মাণ কৰা হ’ব৷- এই মন্তব্য জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ৷

আজি দিছপুৰৰ জনতা ভৱনত এখন বিশেষ সংবাদ মেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ কেইবাটাও ভাল খবৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে৷ তেওঁ কয় যে আজি প্ৰায় তিনি বছৰ ধৰি পুখুৰী বা সৰোবৰৰ বিষয়টো অসমত বহুল চৰ্চিত হৈ আছিল৷ এই ইছ্যুটোক সমালোচনাৰ লক্ষ্য কৰি লোৱাও পৰিলক্ষিত হৈছিল৷

উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমলৈ আহি ঘোষণা কৰিছিল যে অসমত ডাঙৰ ডাঙৰ পুখুৰী বনোৱা হ’ব৷ ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপ-নৈসমূহৰ অতিৰিক্ত পানী সেই পুখুৰী বা ৰিজাৰ্ভাৰবোৰে উলিয়াই অনা হ’ব৷ বানপানী প্ৰতিৰোধৰ বাবে এনেধৰণৰ এটা ছিষ্টেম গঢ়ি তোলা হ’ব৷ গৃহমন্ত্ৰীগৰাকীয়ে যেতিয়া এই ঘোষণা কৰিছিল সেইখিনি সময়ত বিভিন্ন ৰাজনৈতিক দলে গৃহমন্ত্ৰীগৰাকীক তুচ্চ-তাচ্চিল্য কৰিছিল৷

মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, পুখুৰী বা সৰবোৰ হ’ল অসমৰ বানপানী সমস্যা নাইকিয়া কৰাৰ ক্ষেত্ৰত এক অন্যতম পদক্ষেপ৷ এই বছৰ ১৫ টা অমৃত সৰবোৰ নিৰ্মাণ কৰা হ’ব৷ অহা এমাহৰ ভিতৰত এই কাম আৰম্ভ কৰা হ’ব৷ এনেধৰণৰ সৰবোৰ যদি ৩০০ বা ৪০০ কৰিব পাৰো তেন্তে অসমৰ বানপানী সমস্যা একেবাৰে নাইকিয়া হ’ব বুলি মই উপলব্ধি কৰো৷ এই বছৰ যিখিনি মথাউৰি নিৰ্মাণ কৰা হ’ব সেইখিনি মথাউৰিৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত প্ৰায় ৯০০ কিলোমিটাৰ মথাউৰি বনাবলৈ সক্ষম হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

১৯৪৭ চনৰ পৰা ২০২১ চনলৈকে অসমত ৪৫০০ কিলোমিটাৰ মথাউৰি বনোৱা হৈছিল৷ কিন্তু ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত ৫ টা বছৰত ৯০০ কিলোমিটাৰ মথাউৰি বনোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে৷ এই মথাউৰিসমূহ কি ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ তথা প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা হৈছে সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে অৱগত কৰে৷ এই বছৰ মাত্ৰ তিনিটা মথাউৰি ছিগা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক ৫০ বছৰতো এইসমূহ মথাউৰি নিছিগিব বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে৷ তেওঁ কয় যে ৰাজ্যৰ বহু জিলাত আমি বান প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছো৷ বান প্ৰতিৰোধ হোৱাৰ বাবে এতিয়া কৃষকে খেতি কৰিব পাৰিছে৷ অসমত ৭০ শতাংশ বানপানী হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ 

কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অমিত শ্বাহে অসমৰ ক’ত ক’ত পুখুৰী বনালে তাক বিচাৰি থকা বুলি তাচ্চিল্য কৰিছিল৷ গৌৰৱ গগৈক উচিত প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযুষ হাজৰীকাই গৌৰৱ গগৈৰ সমষ্টিতে ৫ টা পুখুৰী বনোৱা বুলি আজি সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰি দিয়ে৷ তেওঁ গৌৰৱ গগৈক এই পুখুৰী শুভাৰম্ভ কৰাৰ সময়ত নিমন্ত্ৰণ জনাব বুলি উল্লেখ কৰে৷ গৌৰৱ গগৈয়ে সেই অনুষ্ঠানত উপস্থিত থকাৰ লগতে অমিত শ্বাহক যাতে ধন্যবাদ জনায় তাৰ বাবে তেওঁ গৌৰৱ গগৈক আহ্বান জনায়৷

ইপিনে, অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত সন্দৰ্ভতো সংবাদমেলত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ শ্যামকানু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিলেও সাৰি যাব নোৱাৰিব কোনো দোষী। মুখ্যমন্ত্ৰীয়ে দিনটোত হাজাৰ মানুহৰ লগত ফটো উঠে। কিছু লোকে সেই ফটো নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে।
তেওঁ কয় যে ফটো তোলা মানেই ভুল কাম কৰাৰ প্ৰমাণপত্ৰ নহয়। কোনোবাই মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিছে বুলি ভুল কাম কৰাৰ অনুমতি পোৱা নহয়।

আনহাতে, কংগ্ৰেছে মন্ত্ৰীগৰাকীৰ জাতিক লৈ আক্ৰমণ কৰা সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ তেওঁ কয় যে মোৰ কেতিয়াও অনুভৱ হোৱা নাছিল যে মই কোন জাতিৰ হয়, মোৰ জাতিক লৈ কংগ্ৰেছে যেনেদৰে মোক আক্ৰমণ কৰিলে, তাৰ বাবে মই অত্যন্ত দুঃখিত৷ তেওঁ কয় যে মোক মাছ বেপাৰী বুলি কোৱাত মই বেয়া পোৱা নাই৷ কিন্তু মাছৰ বেপাৰ কৰা বাকীসকলক মানুহক যে অপমান কৰা হ’ল, সেইটোত মোৰ দুখ লাগিছে৷ মাছ বেপাৰ কৰাটোতো একো বেয়া কাম হ’ব নোৱাৰে৷ অসমৰ এগৰাকী কেবিনেট মন্ত্ৰী হৈও মই এগৰাকী মৎস্যজীৱি আৰু এই কথাক লৈ মই গৌৰৱ কৰো৷ মোৰ পৰিয়ালত ১০০ বিঘাতকৈ ওপৰত পুখুৰী আছে৷ সেয়া মোৰ পৰিয়ালৰ জীৱন-জীৱিকা৷ ইয়াক অপমান কৰাত মই দুখ পাইছো৷ 

কংগ্ৰেছ দল আৰু দলৰ সভাপতি গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মোৰ ল’ৰা-ছোৱালীক ব্ৰিটিছ নাগৰিক বনাই, হাৱালা কেলেংকাৰিৰে মই কৰা ইনকাম ভাৰতৰ পৰা, অসমৰ পৰা ইংলেণ্ডলৈকে পঠোৱাতকৈ ইয়াত আৰু এটা পুখুৰী বনাম, সেইটো মোৰ কাৰণে অত্যন্ত আনন্দৰ বিষয়৷ অনুসূচিত জাতিৰ হোৱাৰ বাবেই মন্ত্ৰী পীযুষ হাজৰীকাক অপমান কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘কংগ্ৰেছ দলৰ এয়া নিকৃষ্ট মানসিকতা৷ তেওঁলোক অনুসূচিত জাতি বিৰোধী এটা দল৷ অকল অনুসূচিত জাতি বিৰোধীয়েই নহয় কংগ্ৰেছ অসমীয়া বিৰোধীও৷’’

মন্ত্ৰী পীযুষ হাজৰীকা পীযুষ হাজৰীকা পীযুষ