/asomiyapratidin/media/media_files/2026/02/10/pijushh-gauravvv-2026-02-10-14-06-53.jpg)
ডিজিটেল সংবাদ, চামগুৰিঃ দেশৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাকমূহূৰ্তত নগাঁৱৰ বঢ়মপুৰত বিজেপি দলৰ সাংগঠনিক সভাত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয়- ‘গৌৰৱ গগৈ ক'ৰ্টলৈ গ'লে নিজেই বিপদত পৰিব। ইমানদিনৰ পৰা ক'ৰ্টলৈ যাম যাম বুলি যোৱা নাই, গতিকে নাযায়।’
তাৰপাছত মন্ত্ৰী পীযুষ হাজৰিকাই কয়- ‘হিমন্ত বিশ্ব শৰ্মাই ইমান দিনৰ পৰা কৈ আছে গৌৰৱ গগৈ পাকিস্তানী এজেন্ট। গতিকে গৌৰৱ গগৈয়ে বহুদিনৰ আগতেই মানহানি কেচ দিব লাগিছিল। তেওঁ জানে যে তেওঁ নিজে ফচিব।’
তৰুণ গগৈ ডাঙৰীয়াৰ নাতি কেইজনক ভাৰতীয় পৰম্পৰালৈকে ঘূৰাই আনক বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই পুনৰ কয়- ‘ নাতি কেইজনক ভাৰতীয় নাগৰিকত্ব দিয়ক, ভাৰতীয় পৰম্পৰাৰে ডাঙৰ দীঘল কৰক, আহোম পৰম্পৰাৰে ডাঙৰ দীঘল কৰক। খ্ৰীষ্টান হ'লে অসমীয়া মানুহৰ মনত আঘাত লাগে। খ্ৰীষ্টান হৈ জন্ম হ'লে কথা নাই, ধৰ্মান্তৰ হ'লে কষ্ট লাগে।’
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us