তিনিচুকীয়াৰ ফিল'বাৰীত অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ...

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি তিনিচুকীয়া জিলাৰ ফিল'বাৰীত এক বিশেষ অনুষ্ঠানত অংশ লৈ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ  অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি তিনিচুকীয়া জিলাৰ ফিল'বাৰীত এক বিশেষ অনুষ্ঠানত অংশ লৈ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা মৰাণ সম্প্ৰদায়ৰ লোক, যিসকল অসমৰ স্থায়ী বাসিন্দা বা পূৰ্বপুৰুষ অসমৰ সৈতে সম্পৰ্কিত, তেওঁলোকক আনুষ্ঠানিকভাৱে জাতিগত প্ৰমাণ পত্ৰ বিতৰণ কৰে ।

a7ee1d86-57b1-4b1e-80ed-e3609c82c567

তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভা তথা অন্যান্য দল-সংগঠনৰ সহযোগত তিনিচুকীয়াৰ ফিল'বাৰীৰ বালিজান ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ব্যৱস্থা কৰা এই জাতিগত প্ৰমাণ পত্ৰ বিতৰণ কৰে । 

a0ad6c07-c29f-4c88-825d-27e3902fd232

উল্লেখ্য যে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা মৰাণ সম্প্ৰদায়ৰ লোকসকলে বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছিল। তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰচেষ্টা আৰু আগ্ৰহৰ ফলস্বৰূপে আজি জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় বুলি মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত উল্লেখ কৰে । আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়কদ্বয় সুৰেন ফুকন আৰু বলিন চেতিয়া উপস্থিত আছিল ।

3b2b4063-4a97-491e-a8b5-f2b7cdb2e3ea

মন্ত্ৰী পীয়ুষ হাজৰিকা