জাগীৰোডত নিযুত মইনাৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ...

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয়ভাৱে গুৱাহাটীত নিযুত ‘মইনা আঁচনি ২.০'ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, জাগীৰোডঃ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয়ভাৱে গুৱাহাটীত নিযুত ‘মইনা আঁচনি ২.০'ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই জিলাখনৰ হিতাধিকাৰী ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে। মৰিগাঁও জিলাত এই আঁচনিৰ অধীনত ১১,৯৮৪ গৰাকী ছাত্ৰী পুঁজি লাভৰ বাবে যোগ্য বিবেচিত হৈছে।

10e3a9f8-744e-44b1-8d5b-b8769897c584

অসমত বাল্য বিবাহ ৰোধ কৰাৰ লগতে কন্যা শিক্ষার্থীক উচ্চ শিক্ষাৰে সুশিক্ষিত কৰাৰ লক্ষ্যৰে মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ‍্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি হৈছে দ্বিতীয় সংস্কৰণ হৈছে 'নিযুত মইনা ২.০' ।  

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক সাহায্য সেইসকল ছাত্ৰীক প্ৰদান কৰা হয় যিসকলে চৰকাৰী অথবা কিছু সংখ‍্যক নিৰ্বাচিত ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক, স্নাতক (বি.এ./বি.এছ.চি./বি.কম) আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম (এম.এ./এম.এছ.চি./এম.কম/বি. এড)ত নামভৰ্তি কৰিছে। 

1bacb110-e591-4829-904a-d17a091a26e0

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে এখন উন্নত ৰাষ্ট্ৰ হ'বলৈ আৰু সমাজৰ উন্নয়নৰ বাবে নাৰী শিক্ষাৰ অতিকৈ প্ৰয়োজন। তেওঁ আৰু কয় যে নাৰীসকল শক্তিশালী হ'লেহে এখন ৰাষ্ট্ৰ শক্তিশালী হয়। উন্নত দেশসমূহত কৰ্মস্থলীত মহিলাসকলৰ অংশগ্ৰহণৰ হাৰ অতি বেছি। আমাৰ দেশতো ইযাৰ হাৰ বৃদ্ধিৰ বাবে প্ৰয়াস কৰি থকা হৈছে। নিযুত মইনা আঁচনিয়ে আমাৰ কন্যাসকলক শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ সুনিশ্চিত কৰাত সহায় কৰিব বুলি আমি দৃঢ় বিশ্বাসী বুলি মন্ত্ৰী হাজৰীকাই কয় ।

1bacb110-e591-4829-904a-d17a091a26e0

অসমৰ ক্ৰীডাৰ ক্ষেত্ৰত সুনাম কঢিয়াই অনা হিমা দাস, লাভলীনা বৰগোহাঁইৰ উদাহৰণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে ছাত্ৰীসকলক নিযুত মইনাৰ দৰে আচনিৰ সুবিধা গ্ৰহন কৰি নিজকে একোগৰাকী সফল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ আহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায়। পৰিশ্ৰম আৰু অধ‍্যাব‍্যৱসায় থাকিলে যিকোনো এখন ভিতৰুৱা গাঁৱৰ পৰাও গৈ সফলতাৰ শিখৰ পাব পাৰি বুলি তেওঁ কয়।  আজিৰ কাৰ্যসূচীত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰী, জাগীৰোড সম জিলা আয়ুক্ত হৃদয় কুমাৰ দাস, বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ লগতে বিভিন্ন বিদ‍্যালয়-মহাবিদ‍্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে।

f2454334-4f99-4384-a1d4-ec5d63edc881

মন্ত্ৰী পীয়ুষ হাজৰিকা