উমাৰ আদৰণিক লৈ কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদক উভতি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই...

বিশ্বকাপ জয়ী উমা চেত্ৰীক জন্মভূমিত ভৰি দিয়াৰ পাছতে আদৰিবলৈ ৰজাঘৰৰ পৰা আদি কৰি দল-সংগঠনৰ সময় নোহোৱা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছে চৰকাৰক। এনে সময়তে মন্ত্ৰী পীয়ুষ

author-image
Asomiya Pratidin
New Update
new ap web 1 (30)

ডিজিটেল ডেস্কঃ বিশ্বকাপ জয়ী উমা চেত্ৰীক জন্মভূমিত ভৰি দিয়াৰ পাছতে আদৰিবলৈ ৰজাঘৰৰ পৰা আদি কৰি দল-সংগঠনৰ সময় নোহোৱা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছে চৰকাৰক। এনে সময়তে মন্ত্ৰী পীয়ুষ হাজৰিকাই উভতি ধৰিছে বিৰোধীক।  হাজৰিকাই বিৰোধী দলসমূহক প্ৰশ্ন কৰি উভতি ধৰিছে সামাজিক মাধ্যমত।

মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰথম ক্ষমা বিচাৰি লিখিছে-  মহিলা বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ, অসমৰ গৌৰৱ উমা চেত্ৰীক বিমানবন্দৰত আদৰণি আৰু সম্বৰ্ধনা জনাবলৈ নোযোৱাটো আমাৰ ভুল আছিল, তাৰ বাবে খেলুৱৈগৰাকীৰ ওচৰত এজন অসমীয়া হিচাপে মই ক্ষমা বিচাৰিছোঁ।

তেওঁ লগতে লিখিছে-  কিন্তু একেটা ভুল কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি আটাইকেইটা ৰাজনৈতিক দল আৰু আন দল-সংগঠনেও কৰিলে। "আপোন ভালেই জগত ভাল" বুলি অসমীয়াত এষাৰ কথা আছে! শ্ৰী লুৰীণজ্যোতি গগৈ, শ্ৰী গৌৰৱ গগৈ আৰু শ্ৰী অখিল গগৈ ডাঙৰীয়া— আপোনালোকে নিজেওটো উমা চেত্ৰীক আদৰিবলৈ নগ'ল। আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনে?

উল্লেখ কৰা প্ৰয়োজন যে, বিশ্বকাপ জয় কৰি অসমত ভৰি থোৱা উমাক আদৰিবলৈ উক্ত দিনটোত ৰজাঘৰীয়াতো বাদেই, গোৰ্খা ছাত্ৰ সন্থাৰ বাদে আন দল-সংগঠনৰ এগৰাকী লোকো উপস্থিত নাছিল। 

উমা চেত্ৰী