/asomiyapratidin/media/media_files/2025/09/24/ujjjdd-2025-09-24-23-28-58.jpg)
ডিজিটেল ডেস্কঃ জুবিন দা আৰু গৰিমা বৌৰ সৈতে আমাৰ ব্যক্তিগত সম্পর্ক আছিল। খুবেই ভাল সম্পৰ্ক আছিল৷ অত্যন্ত দুখত আছো৷ জুবিন দাৰ গান শুনি শুনিয়েই আমি যৌৱন পাৰ কৰিছো। জুবিনৰ গান শুনি শুনিয়েই মই মানুহ হৈছো।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ৷
জুবিন গাৰ্গক হেৰুৱাই মর্মাহত হৈ পৰিছে মন্ত্রী পীযুষ হাজৰীকা৷ আজি সংবাদ মাধ্যমৰ আগত অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ পুনৰ কয় যে 'অনামিকা', 'মায়া'ৰ পৰাই মই এজন জুবিন অনুৰাগী। মই অত্যন্ত জুবিন প্রেমী আছিলো। জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল, বহু কষ্টত আছো। সমগ্ৰ অসমবাসী কষ্টত আছে৷ জুবিন দা যতেই আছে তাৰপৰাই অসমবাসীক আশীর্বাদ কৰিব বুলি মই ভাবো।
জুবিন গাৰ্গৰ মৃত্যু ৰহস্যক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত ছিৰিয়াছলি লৈছে বুলি মন্ত্রী হাজৰীকাই উল্লেখ কৰে৷ তেওঁ কয় যে জুবিন দাৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে অসম চৰকাৰ দায়বদ্ধ। জুবিনক লৈ মুখ্যমন্ত্রী ডাঙৰীয়াই মোক চাৰিদিন পুর্বেই কৈছে, তহতে অন্য কথা লৈ মোক এইকেইদিন কথা নকবি। জুবিন দাক হেৰুৱাই মুখ্যমন্ত্রী ডাঙৰীয়াও মর্মাহত হৈ আছে৷ মই ভাবো জুবিন দাৰ সৈতে কিবা ঘটনা হ'লে মুখ্যমন্ত্রীয়ে ইয়াৰ তদন্ত ভালকৈয়ে কৰিব৷ কিয়নো অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন দা আমাৰ সকলোৰে অতিকৈ প্রিয় আছিল।