নাজিৰা আৰু মৰাণৰ 'অসম দিৱস'ত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ...

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু তাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আজি শিৱসাগৰ জিলাৰ নাজিৰাত 'অসম দিৱস' উদযাপন কৰা হয়। নাজিৰাত স্বৰ্গদেউ ছ্যুকাফাৰ এক বিশাল

author-image
Asomiya Pratidin
New Update
UJJJDD

ডিজিটেল সংবাদ, নাজিৰা/মৰাণঃ  অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু তাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আজি শিৱসাগৰ জিলাৰ নাজিৰাত 'অসম দিৱস' উদযাপন কৰা হয়। নাজিৰাত স্বৰ্গদেউ ছ্যুকাফাৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ সমান্তৰালকৈ মৰাণৰ থমচন তিনিআলিত স্বৰ্গদেউ ছ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন আৰু ছ্যুকাফা সমন্বয় ক্ষেত্ৰতো (তিলৈ গ্ৰাম্য বজাৰ) একাদশ বাৰ্ষিক কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই অংশগ্ৰহণ কৰে।

f4709a49-4453-405a-afa7-d2734fefd633

স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ আদৰ্শ স্মৰণ কৰি মন্ত্ৰী হাজৰীকাই কয়, "সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি সৰ্বস্ব ত্যাগ কৰি বৃহত্তৰ অসমীয়া সমাজৰ পৰিচয় গঢ়ি তুলিছিল স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাই। তেখেতৰ দূৰদৰ্শী নেতৃত্বত বৰ অসমৰ ভেটি স্থাপন হৈছিল আৰু তেখেতে সকলোকে একতাৰ এনাজৰীৰে বান্ধি থৈ গৈছিল।" তেওঁ আহোমসকলৰ শৌর্য-বীৰ্য আৰু মোগলৰ বিৰুদ্ধে তেওঁলোকৰ বীৰত্বপূৰ্ণ যুঁজৰ কথা গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে।

cce3da3f-e87c-45ce-8178-df23a74fd255

মঙলবাৰে এই কাৰ্যসূচীত মন্ত্ৰী বিমল বড়া, যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোঁহাই, চক্ৰধৰ গগৈ, তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰী ময়ূৰ বৰগোঁহাইকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
নাজিৰাৰ কাৰ্যসূচীৰ পিছতে মন্ত্ৰী হাজৰীকাই শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ ইতিহাসপ্ৰসিদ্ধ কেন্দুগুৰি অঞ্চলত বৰপাত্ৰগোহাঁই ডাঙৰীয়াসকলৰ মৈদামস্থলী সুৰক্ষিত কৰাৰ লক্ষ্যৰে তাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আৰু অসম চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকৰ পুঁজিৰে চাৰিবেৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে।

91368512-08cc-4e1f-bfc5-0090096956d8


তেওঁ কয়, "আমাৰ প্ৰাচীন কীৰ্তিচিহ্নৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আহোমসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি আগন্তুক সময়তো কাম কৰি যাম।" ইয়াৰ পিছতে চৰাইদেউৰ মৰাণহাটত স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ এটি প্ৰতিমূৰ্তিও উন্মোচন কৰা হয়।

67f6dcaa-1792-499f-beab-686e353ec690

স্থানীয় বিধায়ক তথা মন্ত্ৰী শ্ৰী যোগেন মহন ডাঙৰীয়াৰ উদ্যোগত নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তি উন্মোচন কৰি মন্ত্ৰী হাজৰিকাই আনন্দ প্ৰকাশ কৰে আৰু স্বৰ্গদেউগৰাকীৰ আদৰ্শই সকলোকে অনুপ্ৰাণিত কৰি যাব বুলি আশা প্ৰকাশ কৰে। দিনটোৰ শেষৰটো কাৰ্যসূচী হিচাপে তাই আহোম যুৱ পৰিষদে মৰাণৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰ (তিলৈ গ্ৰাম্য বজাৰ) খেলপথাৰত অনুষ্ঠিত কৰা একাদশ বাৰ্ষিক কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী হাজৰিকাই অংশ গ্ৰহন কৰে। 

মন্ত্ৰী পীয়ুষ হাজৰিকা পীয়ুষ হাজৰিকা