জাগীৰোড-হোজাইত কেবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাগীৰোডবাসীক ছেমিকণ্ডাক্টৰ উপহাৰ দিয়াৰ কথাও উল্লেখ কৰি কয় যে, জাগীৰোড অসমৰ ইণ্ডাষ্ট্ৰীয়েল হাব হ’ব।

author-image
Asomiya Pratidin
New Update
xvvcvcvcvc

ডিজিটেল সংবাদ,জাগীৰোডঃ  "জাগীৰোড সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যাটো আছিল বানপানীৰ সমস্যা। আগতে মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে প্ৰায় পাঁচ মাহ সমগ্ৰ মায়ং অঞ্চলটো সাগৰ সদৃশ হৈ পৰিছিল। পাভকাটি, লেহকাটি, আশীগড়, গাগলমাৰি আদি অঞ্চলৰ ৰাইজে পাঁচ মাহ নাৱৰে যাতায়াত কৰিব লগা হৈছিল। কিন্তু আজি সেই পৰিৱেশ নাই। ৰাস্তা-মথাউৰি নিৰ্মাণ কৰাৰ পিছত আজি সেই পৰিৱেশ নোহোৱা হ’ল"- এই মন্তব্য জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ।

Advertisment

আজি জাগীৰোড সমষ্টিৰ মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে অসমৰ সকলোতকৈ বানবিধ্বস্ত সমষ্টি জাগীৰোডৰ ৯০ শতাংশ বানপানী সমস্যা নোহোৱা কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰে।

উল্লেখ্য যে এই সমগ্ৰ অঞ্চলটোত বৃহৎ মাকৈৰ খেতি হয়। কৃষকে ধান খেতি যদি এবিঘা কৰে ১৫ হাজাৰ টকা উপাৰ্জন হয়, ইয়াৰ বিপৰীতে মাকৈ খেতি যদি এবিঘা কৰে তেন্তে ৩০ হাজাৰ টকা উপাৰ্জন হয়। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে আগতে মথাউৰি নথকাৰ বাবে মানুহে ইয়াত মাকৈৰ খেতি কৰিব পৰা নাছিল। মথাউৰি নিৰ্মাণ কৰাৰ পিছত ইয়াত বানপানী নোহোৱা হ’ল আৰু এই অঞ্চলৰ মানুহে ইয়াত মাকৈৰ খেতি কৰি এতিয়া যথেষ্ট লাভান্বিত হৈছে বুলি কয়।

চট

মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাগীৰোডবাসীক ছেমিকণ্ডাক্টৰ উপহাৰ দিয়াৰ কথাও উল্লেখ কৰি কয় যে, জাগীৰোড অসমৰ ইণ্ডাষ্ট্ৰীয়েল হাব হ’ব। এনেদৰে মন্ত্ৰীগৰাকীয়ে সমষ্টিত ৰূপায়ণ কৰা চৰকাৰী বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি ভাষণ দিয়ে। এই সভাতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াইও ভাষণ দাঙি ধৰে।

দিলীপ শইকীয়াই ৰাইজক সম্বোধন কৰি মায়ং অঞ্চল আজি বানৰ পৰা বহু পৰিমাণে মুক্ত হৈছে বুলি কয়। ইয়াৰ কৃতিত্ব তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰীকাক দিয়ে। তদুপৰি ভাৰত-ভূটান সীমান্তত থকা জালিমুখ বান্ধ প্ৰায় ২২ কোটি টকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্মাণ কৰি দিয়াৰ বাবে আজি জাগীৰোড, ছিপাঝাৰ সমষ্টিকে ধৰি পাঁচটা সমষ্টিত বানৰ তাণ্ডৱ হ্ৰাস পাইছে বুলি উল্লেখ কৰে।

তেওঁ কয় যে বিজেপি চৰকাৰে হেজাৰ হেজাৰ কিলোমিটাৰ মথাউৰি শক্তিশালীভাৱে পুনৰ নিৰ্মাণ কৰিছে। নতুন ৰূপত নিৰ্মাণ কৰিছে ৰাস্তা আৰু মোউৰি। বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰিছে বিজেপি চৰকাৰে। তেওঁ কয় যে বিজেপিৰ চৰকাৰ ৰাইজৰ প্ৰতি দায়বদ্ধ থকা চৰকাৰ। ৰাইজক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ সাজু থকা, দায়িত্বশীল তথা সদা জাগ্ৰত চৰকাৰ। বিজেপিৰ সভাপতিগৰাকীয়ে ভাৰতীয় শাসন ব্যৱস্থাৰ অন্যতম শাসন ব্যৱস্থা পঞ্চায়তী ৰাজ বুলি উল্লেখ কৰি পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা দাঙি দৰে।

ৰদ

আমাৰ দেশৰ সংবিধানৰ ৭৩ সংখ্যক সংশোধনীৰ জৰিয়তে এই পঞ্চায়তীৰাজ ব্যৱস্থা আমাৰ দেশত প্ৰৱৰ্তন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বিজেপিৰ সভাপতিগৰাকীয়ে জাগীৰোড তথা মায়ংবাসীয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ প্ৰতিষ্ঠা কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে। সভাত মৰিগাঁও জিলা পঞ্চায়ত নিৰ্বাচনৰ সহঃ তত্ত্বাৱধায়ক ৰাতুল শৰ্মা, মৰিগাঁও জিলা বিজেপিৰ সভাপতি ৰামপ্ৰসাদ সৰকাৰ, মৰিগাঁও জিলা অগপৰ সভাপতি ৰাজেন বড়াৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে জাগীৰোড সমষ্টিৰ ঔজাৰীত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ সৈতে আন এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। সভাত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে হাতত লোৱা উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে আৰু সকলোকে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰতি আস্থা-বিশ্বাস, মৰম অব্যাহত ৰাখি পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক অভিলেখসংখ্যক ভোটত জয়ী কৰিবলৈ আহ্বান জনায়। সভাত বিজেপিৰ সভাপতি দিলীপ শইকীয়াও ভাষণ দাঙি ধৰে।

এই সভাত বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা পঞ্চায়ত নিৰ্বাচনৰ সহঃ তত্ত্বাৱধায়ক ৰাতুল শৰ্মা, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও জিলা বিজেপিৰ সভাপতি ৰামপ্ৰসাদ সৰকাৰ, মৰিগাঁও জিলা অগপৰ সভাপতি ৰাজেন বড়া আদিৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

দট

একেদিনাই মন্ত্ৰীগৰাকীয়ে হোজাই বিধানসভা সমষ্টিৰ ৰাজাগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ 'বিজয় সংকল্প সমাৰোহ'ত অংশ লৈ ৰাইজক সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৰহা সমষ্টিত প্ৰায় ৩২ হাজাৰ পৰিয়াক অৰুণোদয় দিয়াৰ কথা উল্লেখ কৰি আৰু ৫ হাজাৰ পৰিয়ালক অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে, কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে সাংসদ গৌৰৱ গগৈক পুনৰ আক্ৰমণৰ কৰে। তেওঁ কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ, তথা সাংসদ গৌৰৱ গগৈয়ে ১৫ দিনকৈ পাকিস্তানত কটাই আহে। মনে মনে গৈ পাকিস্তানত কটাই আহে। ইপিনে, পাকিস্তানে প্ৰত্যক দিনাই আমাৰ ভাৰতীয় মানুহক মাৰিবলৈ বিচাৰি থাকে।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে পেহেলগামৰ বৰ্বৰ ঘটনাৰ উদাহৰণ দাঙি ধৰে। এই পাকিস্তানৰ লগত সু-সম্পৰ্ক কংগ্ৰেছৰ নেতা গৌৰৱ গগৈৰ বুলি তেওঁ ভাষণত উল্লেখ কৰে। তেওঁ পুনৰ কয় যে গৌৰৱ গগৈৰ দুয়োটা সন্তান ব্ৰিটিছৰ নাগৰিক। তেওঁৰ সন্তান ভাৰতীয় নহয়। ইয়াৰ অৰ্থ হ’ল যে ভাৰতবৰ্ষক তেওঁলোকে ভাল নাপায়, অসমক তেওঁলোকে ভাল নাপায়। অকল ৰাজনীতি কৰি তেওঁলোক ইয়ালৈ নেতাগিৰি কৰিবলৈ আহে। বাকী সময়খিনি তেওঁলোকে লণ্ডনত কটায়। এয়াই হৈছে কংগ্ৰেছ দল। এনেকুৱা কংগ্ৰেছ দলক ভোট দিলে আমাৰ কষ্ট হ’ব বুলি তেওঁ কয়।

জড

তেওঁ কয় যে, হিন্দু-মুছলমান কোনো কথা নাই, আমি সকলোৰে ভোট বিচাৰো। পাকিস্তানী সমৰ্থকৰ ভোট আমাক নালাগে। পাকিস্তানৰ সমৰ্থন কৰা মানুহক তেওঁ কংগ্ৰেছক ভোট দিবলৈ কয়। আনহাতে, ৰাষ্ট্ৰবাদী মানুহক বিজেপি-এজিপিক ভোট দিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

সভাত ৰাইজৰ আশাব্যঞ্জক সঁহাৰি, মৰমত ইতিমধ্যেই বিজেপি মিত্ৰজোঁটৰ মনোনীত প্রার্থীসকলৰ জয় একপ্ৰকাৰ সুনিশ্চিত বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আজি পুনৰ সকলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুলসংখ্যক ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। এইখন সভাত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰামকৃষ্ণ ঘোষ, বিজেপিৰ হোজাই জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ সহঃ তত্ত্বাৱধায়ক অভিজিত নাথ আদিৰ লগতে দলীয় কাৰ্যকৰ্তা, শুভাকাংক্ষী উপস্থিত থাকে। মোৰাঝাৰতো মন্ত্ৰীগৰাকীয়ে বিয়লি আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি ৰাইজক সম্বোধন কৰে।

পীযুষ হাজৰিকা দিলীপ শইকীয়া