ভূপেন বৰা এগৰাকী স্বাভিমানী অসমীয়াঃ মন্ত্ৰী পীযুষ হাজৰিকা

কংগ্ৰেছ ত্যাগী ভূপেন বৰাৰ বাসগৃহত বুধবাৰে উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকা। ভূপেন বৰা এগৰাকী স্বাভিমানী অসমীয়া বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই

author-image
Asomiya Pratidin
New Update
PIJUSHHSHSH

নিউজ ডেস্কঃ কংগ্ৰেছ ত্যাগী ভূপেন বৰাৰ বাসগৃহত বুধবাৰে উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকা। তিনিওগৰাকী নেতাই আলোচনাত মিলিত হোৱাৰ পাছত মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত কয় যে- ''ভূপেন বৰাক লগ কৰিবলৈ অহাত কোনো ব্যক্তিগত উদ্দেশ্য নাই। যুৱ কংগ্ৰেছৰ দিনৰ পৰাই ভূপেন বৰাৰ সৈতে মোৰ ভাল সম্পৰ্ক আছে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে স্বাভিমানী অসমীয়াই কংগ্ৰেছ কৰিব নোৱাৰে। আৰু ভূপেন বৰা এগৰাকী স্বাভিমানী অসমীয়া''

তাৰপাছতে মন্ত্ৰীগৰাকীয়ে কয়- ''কংগ্ৰেছত এতিয়া ৰকিবুল হুছেইনৰ চলে। ৰকিবুল হুছেইনে কোৱাৰ দৰেই কাম কৰে গৌৰৱ গগৈয়ে। কংগ্ৰেছক ভাল পোৱা মানুহবোৰক কংগ্ৰেছৰ পৰা জোৰ কৰি আঁতৰাই দিয়া হৈছে। ৫৮ জন বিধায়কৰ সমৰ্থন লৈ যোৱাৰ সময়তো হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতা নাছিল। কংগ্ৰেছ দলত বলপূৰ্বকভাৱে কামবোৰ কৰা হয়। সেই সময়ত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী নাপাতিবলৈ জমিয়তৰ নেতাসকলে কেন্দ্ৰীয় নেতৃত্বলৈ চিঠি লিখিছিল।''

ইফালে, ভূপেন বৰাক সাক্ষাৎ কৰাৰ পাছত বিধায়ক মানৱ ডেকাই কয় যে- ''অসমীয়াৰ স্বাৰ্থত ভূপেন বৰাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ব্যক্তিগত লাভালাভৰ সিদ্ধান্ত হোৱা হ'লে ভূপেন বৰাই ১০ বছৰ আগতে বিজেপিত যোগদান কৰিলেহেঁতেন। ভূপেন বৰাই পদত্যাগ কৰাৰ লগে লগেই উত্তৰ অসম আৰু উজনি অসমত বিজেপিৰ শক্তি বৃদ্ধি পাইছে।''

পীযুষ হাজৰিকা ভূপেন বৰা