জাগীৰোড মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই

মন্ত্ৰী পীয়ূষ হাজৰীকাই আজি জাগীৰোড মহাবিদ্যালয়ত এটা অত্যাধুনিক বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰে।

author-image
Asomiya Pratidin
New Update
TGTRRFDFDFD

ডিজিটেল সংবাদ, জাগীৰোডঃ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰীকাই আজি জাগীৰোড মহাবিদ্যালয়ত এটা অত্যাধুনিক বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰে। ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই নতুন বিজ্ঞান ভৱনটো ১৪,০০০ বৰ্গফুট জোৰা হ’ব আৰু ইয়াত বিজ্ঞানৰ গৱেষণা তথা শিক্ষণৰ বাবে ৪ টাকৈ অত্যাধুনিক পৰীক্ষাগাৰ থাকিব।

WhatsApp Image 2025-12-13 at 5.23.44 PM (1)

এই অনুষ্ঠানতে মন্ত্ৰী হাজৰীকাই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অন্তৰ্গত ‘ড° বাণীকান্ত কাকতি মেধা বঁটা, ২০২৫’ ৰ অধীনত জাগীৰোড মহাবিদ্যালয়ৰ ৮৮ গৰাকী হিতাধিকাৰী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰে। ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই স্কুটীসমূহে শিক্ষাৰ্থীসকলৰ যাতায়ত সহজ কৰি তেওঁলোকক সৱলীকৰণ কৰিব। তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক উৎকৰ্ষতা বজাই ৰাখিবলৈ আহ্বান জনায় যাতে তেওঁলোকে ভৱিষ্যতেও প্ৰজ্ঞান ভাৰতী আৰু নিজুত মইনাৰ দৰে কল্যাণকামী আঁচনিসমূহৰ সুবিধা লাভ কৰি থাকিব পাৰে।

WhatsApp Image 2025-12-13 at 5.23.44 PM

অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জাগীৰোডত বৰ্তমান ‘অসম মালা’ আঁচনিৰ অধীনত চাৰিটা ডাঙৰ পথৰ নিৰ্মাণ কাৰ্য চলি আছে। ইয়াৰ উপৰি জাগীৰোড পৌৰসভা এলেকাৰ আধুনিকীকৰণৰ লগতে জাগীৰোড মহাবিদ্যালয় চৌহদত ক্ৰীড়া আৰু শাৰীৰিক সুস্থতাৰ বাবে এখন নতুন ‘গ্ৰীণ ষ্টেডিয়াম’ নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে।

WhatsApp Image 2025-12-13 at 5.23.43 PM

ইয়াৰ পিছতে মন্ত্ৰী হাজৰীকাই নগাঁও জিলাৰ বটদ্ৰৱা থানৰ সাংস্কৃতিক প্ৰকল্পটো পৰিদৰ্শন কৰি অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগন্তুক ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিবলগীয়া এই প্ৰকল্পস্থলী পৰিদৰ্শনকালত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাসৰ লগতে নগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য চৰকাৰী বিষয়াসকল উপস্থিত থাকে।

পীযুষ হাজৰীকা মন্ত্ৰী পীযুষ হাজৰীকা