/asomiyapratidin/media/media_files/2025/10/28/1-2025-10-28-20-37-59.jpg)
ডিজিটেল সংবাদ,মৰিগাঁওঃ "আমি সকলোৱে যোৱা প্ৰায় ৪০ দিন বহুত কষ্টত আছে, বহু দুখত আছো৷ আমাৰ মাজৰ পৰা আমাৰ অতি আপোন, প্ৰত্যকগৰাকী অসমীয়াৰ হৃদয়ৰ লগত সুসম্পৰ্ক থকা, প্ৰত্যকটো পৰিয়ালৰ এজন সদস্য আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ’ল৷ সেই দিন ধৰি কোনো এজন অসমীয়াই শান্তিত থাকিব পৰা নাই, সুখত থাকিব পৰা নাই৷ জুবিন গাৰ্গৰ এই বিয়োগত আমি সকলো অতিকৈ ম্ৰিয়মান"- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/whatsapp-image-2025-10-28-20-38-33.jpeg)
ভাৰতীয় জনতা পাৰ্টিৰ আহ্বানত আজি মৰিগাঁৱত ‘ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী’ শীৰ্ষক ন্যায় যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে শিল্পীগৰাকীৰ অকাল বিয়োগৰ তদন্ত প্ৰক্ৰিয়া আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা, বিশ্বাস ব্যক্ত কৰে।
তেওঁ কয় যে সকলোৱে ভাবে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নাছিল৷ জুবিন গাৰ্গৰ মৃত্যুত কিবা নহয় কিবা ষড়যন্ত্ৰ থকা বুলি প্ৰত্যেকেই সন্দেহ কৰিছে ৷ অসমৰ ৰাইজে দাবী কৰা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই SIT গঠন কৰাৰ উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ নেতৃত্বত এখন আয়োগ গঠন কৰা হৈছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/whatsapp-imag-2025-10-28-20-38-57.jpeg)
অসমৰ ৰাইজে বিচৰা ধৰণে SIT-এ ছিংগাপুৰলৈকে গ’ল, য’ত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গ’ল ৷ তদুপৰি অসমৰ ৰাইজে চিহ্নিত কৰা কেবাগৰাকীও অপৰাধীক কৰায়ত্ত কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছে৷ তেওঁ পুনৰ কয় যে অসমৰ ৰাইজে জুবিন গাৰ্গৰ হত্যাত যিসকল জড়িত বা যিসকল ষড়যন্ত্ৰকাৰী তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৷
অসমৰ ৰাইজৰ এই আশাক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰখনে কোনোপধ্যে নিৰ্বাপিত হ’বলৈ নিদিয়ে বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে৷ তেওঁ কয় যে আমি অসমৰ ৰাইজৰ লগত আছো৷ অসমৰ ৰাইজে বিচৰা ধৰণে আমি এই তদন্ত প্ৰক্ৰিয়াক আগুৱাই নিবলৈ চৰকাৰৰ তৰফৰ পৰা প্ৰয়াস কৰিছো৷ কিন্তু আমাক ন্যায়, ন্যায়ালয়েহে দিব ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/whatsapp-im-2025-10-28-20-39-16.jpeg)
মই ভাবো যে SIT-এ অতি সোনকালে চাৰ্জশ্বিট দাখিল কৰিব আৰু আমি আদালতত ন্যায়ৰ কাৰণে যুঁজিব লাগিব৷ ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে ন্যায়ালয়ে কঠোৰ ব্যৱস্থা হাতত ল’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে৷ জুবিনৰ ন্যায়ৰ দাবীত শাসকীয় দল ৰাজপথলৈ ওলোৱাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/wha-2025-10-28-20-39-36.jpeg)
ন্যায়ালয়ে দোষীক আৰু কঠোৰ শাস্তি দিয়ক, তাৰ কাৰণে আহ্বান জনাবলৈকে আমি ৰাজপথলৈকে আহিছো৷ বিজেপিৰ আহ্বানত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে ৰাইজ হিলদল ভাঙি ওলাই আহে৷ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি হিয়াৰ আমঠু, প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি ৰাইজে জনোৱা মৰম, শ্ৰদ্ধাৰ দৃশ্য দেখি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us