/asomiyapratidin/media/media_files/2025/12/12/cxdsdsssssssdd-2025-12-12-15-38-13.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ আজি জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা ওদালগুৰি জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ওদালগুৰি জিলাৰ ধনশিৰিঘাটত অনুষ্ঠিত এখন জনসভাত অংশ লৈ জিলাখনত আনুষ্ঠানিকভাৱে অৰুণোদয় ৩.০ শুভাৰম্ভ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/whatsapp-image-2025-12-12-15-38-34.jpeg)
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত এক বিশেষ অনুষ্ঠানত বিটিআৰ অঞ্চলৰ বাবে অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ওদালগুৰি জিলা পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই ওদালগুৰি জিলাৰ প্ৰায় ১.২৬ লাখ হিতাধিকাৰী উপকৃত হ'ব লগা এই আঁচনিৰ আৰম্ভ কৰে। বিটিআৰ অঞ্চলত অৰুণোদয় ৩.০ ৰ অধীনত ৪ লাখৰো অধিক হিতাধিকাৰী উপকৃত হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/whatsapp-image-2025-12-12-15-38-53.jpeg)
আজিৰ সভাত অংশ লৈ মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে সমাজৰ সকলো স্তৰৰ ব্যক্তিৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে কাম কৰি আছে। বিশেষকৈ সমাজৰ নাৰীসকলক পুৰুষৰ সমানে সমানে আগবাঢ়ি যাব পৰাকৈ বহুতো কাৰ্যসূচী হাতত লৈ কাম কৰি আছে। অসমত বৰ্তমানে প্ৰায় ৩৮ লাখ মহিলাই অৰুণোদয় ৩.০ৰ অধীনত মাহিলী চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰি আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/whatsapp-image-2025-12-12-15-39-17.jpeg)
ওদালগুৰি জিলাৰ ধনশিৰিঘাটত অনুষ্ঠিত আজিৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে মন্ত্ৰী চৰণ বড়ো, বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰী, বিধায়কদ্বয় দুৰ্গা দাস বড়ো আৰু গোবিন্দ বসুমতাৰী আৰু কেইবাগৰাকীও কাৰ্যবাহী সদস্য উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us