গহপুৰত বিশ্ববিদ্যালয়ৰ আধাৰশিলা কাৰ্য্যসূচীৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অসম চাহ নিগমৰ ভোলাগুৰি চাহ বাগিচাৰ পৰিত্যক্ত ভূমিত ৭৩৮ বিঘা মাটি কালি আগুৰি স্থাপন হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।

author-image
Asomiya Pratidin
New Update
gfgfgfgfgfgfg

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অসম চাহ নিগমৰ ভোলাগুৰি চাহ বাগিচাৰ পৰিত্যক্ত ভূমিত ৭৩৮ বিঘা মাটি কালি আগুৰি স্থাপন হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে কৰা ঘোষণাক বাস্তৱ ৰূপ দি অহা ৮ নবেম্বৰত উক্ত বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।

উক্ত আধাৰশিলা অনুষ্ঠান কাৰ্য্যসূচীৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্য বৃহস্পতিবাৰে দুপৰীয়া ভোলাগুৰি চাহ বাগিচাত উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা। মন্ত্ৰী হাজৰীকাই সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খন উত্তৰ অসমৰ এক বৃহৎ শৈক্ষিক অনুষ্ঠান হোৱাৰ লগতে ই উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰ অধিক শক্তিশালী কৰি তুলিব। অতিমাত্ৰা তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া উক্ত বিশ্ববিদ্যালয়ত সংযোজিত হ'ব নতুন নতুন পাঠ্যক্ৰম।

কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ বাবে ভোলাগুৰি চাহ বাগিচাৰ শ্ৰমিক ৰাইজে কৰা ত্যাগক প্ৰশংসা কৰি পীয়ূষ হাজৰীকাই লগতে কয় যে, যি গৰাকী মহীয়সী নাৰীৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে সেই গৰাকী বীৰাংগনা কনকলতা বৰুৱাৰ নামেৰে বিশ্ববিদ্যালয়খন নামাকৰণৰ ব্যৱস্থা কৰাটো সচাকৈ আদৰণীয়।

ইফালে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত অভিযুক্তই ন্যায় পাবনে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ একে উশাহতে কয় যে, জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালে উপযুক্ত ন্যায় পাব।জুবিন গাৰ্গৰ অন্তিমখন বোলছবি ৰৈ ৰৈ বিনালে উপভোগ কৰিবলৈ অসমবাসীক আহ্বান জনাই পীযুষ হাজৰীকাই জুবিন গাৰ্গ  সম্পৰ্কে কয় যে অসমৰ ত্ৰিশ বছৰৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি আছিল তেওঁ। যোৱা ত্ৰিশ বছৰত যি সকল লেখত ল'বলগীয়া অসমীয়া বিশিষ্ট ব্যক্তি আছিল তাৰ ভিতৰত জুবিন গাৰ্গো অন্যতম ব্যক্তি আছিল বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে, প্ৰথম অসমীয়া বোলছবিৰ প্ৰসূতিগৃতস্বৰূপ গহপুৰতেই এটাও চিনেমা হল নথকাৰ সম্পৰ্কে পীযুষ হাজৰীকাৰ পৰা জানিব বিচৰাত তেওঁ কয় যে অসম চৰকাৰে চিনেমা হল স্থাপন নকৰে।যদি কোনো ব্যৱসায়ীয়ে চিনেমা হল স্থাপনৰ বাবে আগবাঢ়ি আহিব খোজে তেন্তে অসম চৰকাৰে উদ্গনি জনাব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

আজি মন্ত্ৰীগৰাকীৰ সৈতে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিহালী বিধান সভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰাণ বসুমতাৰী, গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিং,গহপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰ, হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া নমিতা বৰা উপস্থিত থাকে। মন্ত্ৰী পীযুষ হাজৰীকাই আটছা, আছা আৰু উড়িয়া যুৱ ছাত্র পৰিষদকে ধৰি বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক আলোচনাতো মিলিত হৈ ৮ নবেম্বৰৰ কাৰ্য্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনায়।

পীযুষ হাজৰীকা মন্ত্ৰী পীযুষ হাজৰীকা