"কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থৰ অতীতটো বহুত বেছি বেয়া" - মন্ত্ৰী পীযুষ হাজৰীকা

"কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থৰ অতীতটো বহুত বেছি বেয়া।" - মন্ত্ৰী পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
"কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থৰ অতীতটো বহুত বেছি বেয়া"  - মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ "কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থৰ অতীতটো বহুত বেছি বেয়া। তেওঁ এনেকুৱা এটা ঘটনাত অভিযুক্ত আছিল যে যিটো কথা ক’লে সকলোৱে তেওঁক ঘিণ কৰিব" - মন্ত্ৰী পীযুষ হাজৰীকাৰ।

Advertisment

কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থই যিখন ৰাজ্যত ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব সেইখন ৰাজ্যত ছিণ্ডিকেটৰ বাদে বেলেগ একো নচলে বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয়- "কমলাক্ষ্য দে পুৰকায়স্থৰ কথা মই বহুত ক’ব খোজা নাই, কাৰণ তেওঁৰ অতীতটো খুব বেছি বেয়া। এনেকুৱা এটা বেয়া ঘটনাত তেওঁ অভিযুক্ত আছিল মই যদি কৈ দিওঁ, আপোনালোকে মুখ কোচাই দিব, থু পেলাই দিব। তেনেকুৱা ব্যক্তিৰ ওপৰত কিবা কথা আছে বুলি মই ক’ব নিবিচাৰো।"

পঞ্চতাৰকা হোটেল সদৃশ বাজপেয়ী ভৱন নিৰ্মাণ কৰা বুলি কংগ্ৰেছী নেতাই আগবঢ়োৱা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "ভূপেন বৰা ডাঙৰীয়াৰো দিল্লীত দুটাকৈ ঘৰ আছে। কংগ্ৰেছৰ কিমান মানুহৰ দালান আছে। আমি পাৰ্টীৰ অফিচটো বনাইছো, সেইটোতো তেওঁলোকে হিংসা কৰে।" মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কংগ্ৰেছৰ প্ৰত্যকজন নেতাৰে অট্টালিকা আছে।

কমলাক্ষ্য দে ডাঙৰীয়াই তেওঁৰ ঘৰৰ ভিতৰলৈকে দেখিছে বুলি উল্লেখ কৰি কয় যে, কমলাক্ষ্য দে পুৰকায়স্থ তেওঁৰ ঘৰলৈ কিয় আহে সাংবাদিকসকলে সেই বিষয়ে তেওঁক এদিন প্ৰশ্ন কৰা উচিত।

লগতে মন্ত্ৰী হাজৰীকাই 'মোৰ পৰা তেওঁ কিবা কিবি লৈয়ে থাকে’ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

#PIJUSHHAZARIKA