/asomiyapratidin/media/media_files/2025/12/21/kosfhbasfkijgh-2025-12-21-12-20-12.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "এই স্থান অসমীয়াৰ স্বাভিমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কৰিবলৈ বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। সকলো আহক বটদ্ৰৱা থানলৈ।" এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ লবলৈ উপস্থিত হৈ, আজি তেওঁ এই প্ৰকল্প মুকলি কৰিবলৈ অহা ২৯ তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ আহিব বুলি প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ প্ৰকল্প বুলি প্ৰকাশ কৰে।
উল্লেখ্য যে, ২৯ ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ মাংগলিক অনুষ্ঠানৰ মাজেৰে নামকীৰ্তন, গায়ন বায়নৰ অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। দুহেজাৰ গায়ন বায়ন আৰু আয়তীৰ নামকীৰ্ত্তনৰে অমিত শ্বাহক আদৰনি জনোৱা হব।
৬০ হেজাৰ ভক্ত বৈষ্ণৱ, আইমাতৄৰ উপস্থিতিত অনুষ্ঠিত হব লগিয়া এই বিশেষ অনুষ্ঠানৰ পূৰ্বে আজি বটদ্ৰৱাৰ প্ৰকল্পস্থলীত মন্ত্ৰী পিযুষ হাজৰিকা , বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ৰমাকান্ত দেউৰী আৰু শশীকান্ত দাস উপস্থিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us