ফেচবুক লাইভ যোগে উদ্যমী মহিলাক উদগনি দিলে মন্ত্ৰী পীযুষ হাজৰীকাই

"মহিলা উদ্যমিতা আঁচনিৰ যোগেদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাসকলক লাখপতি কৰাৰ এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে।"

author-image
Asomiya Pratidin
New Update
rtr

ফেচবুক লাইভ যোগে উদ্যমী মহিলাক উদগনি দিলে মন্ত্ৰী পীযুষ হাজৰীকাই

ডিজিটেল সংবাদ, জাগীৰোডঃ "মহিলা উদ্যমিতা আঁচনিৰ যোগেদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাসকলক লাখপতি কৰাৰ এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে। মই ভাবো অসমত এইটো এটা নৱজাগৰণ। মহিলা উদ্যমিতা আঁচনিৰ যোগেদি এই নৱজাগৰণটোক মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আগলৈ লৈ যাব।"- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

Advertisment

শুকুৰবাৰে জাগীৰোড সমষ্টিৰ কুমৈ গাঁৱত উদ্যমী মহিলাসকলৰ মাজত উপস্থিত থাকি এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কুমৈ গাঁৱত সমষ্টিটোৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে মত বিনিময়ৰ অন্তত মন্ত্ৰীগৰাকীয়েএক ফেচবুক লাইভযোগে অসমৰ মহিলাসকলক উদগনি যোগাই অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়।

ইফালে, কুমৈ গাঁৱৰ অত্যন্ত কৰ্মউদ্যোমী মহিলা ববি শইকীয়াৰ ঘৰত আত্মসহায়ক গোটৰ মহিলাসকলক কাষত লৈ মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ লাখপতি বাইদেউ আঁচনিখন সন্দৰ্ভত বিতং ব্যাখ্যা দাঙি ধৰে। তেওঁ উল্লেখ কৰে যে, "কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ লাখপতি বাইদেউ আঁচনিখনৰ এগৰাকী সদস্য ববি শইকীয়া। ঘৰৰ সন্মুখতে তেওঁৰ নিজৰ এখন দোকান আছে। তেওঁ লাৰু, পিঠা আৰু জলপান নিজে বনাই বজাৰত বিক্ৰী কৰে। জাগীৰোড, আমিৰীখাট, গুৱাহাটীত তেওঁ সেইবোৰ বিক্ৰী কৰে। গড়ে তেওঁ ৫০ হাজাৰ টকাৰ লাৰু-পিঠা বিক্ৰী কৰে আৰু তাৰ পৰা মাহে ২০-২৫ হাজাৰ টকা উপাৰ্জন হয়। যদিও ববী শইকীয়াৰ স্বামী, পৰিয়াল আছে, তেওঁলোকেও কাম কৰে, তথাপি বাইদেউ ঘৰতে বহি নাথাকি কাম কৰিবলৈ ওলাই গ’ল আৰু কাম কৰিবলৈ ওলাই গৈ তেওঁ লাখপতি বাইদেউ হ’ল" বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। 

আনহাতে,পীযুষ হাজৰীকাই আজিৰ পৰা ডেৰ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত সমগ্ৰই ভাৰতবৰ্ষৰ লাখপতি বাইদেউসকলৰ লগত মিলিত হোৱাৰ বিষয়ে উল্লেখ কৰি সেই অনুষ্ঠানত ববী শইকীয়াও আছিল বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে সেই অনুষ্ঠানত দেশৰ লাখপতি বাইদেউসকলৰ লগত মত বিনিময় কৰিছিল। ববী শইকীয়াও সেই আপাহতে দিল্লীলৈ যাবলৈ সক্ষম হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

WhatsApp Image 2025-08-22 at 6.54.38 PM

লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "শনিবাৰে ইয়াৰ পৰা ১ কিঃ মিঃ দূৰলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আহিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এয়া এক অভিনৱ প্ৰচেষ্টা। মুখ্যমন্ত্ৰীয়ে বিচাৰে যে সকলো মহিলাই লাখপতি হওঁক, যাৰবাবে তেওঁ প্ৰৰম্ভিক পৰ্যায়ত ১০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছিল।"

"মই অত্যন্ত সুখী হৈছো যে অসমৰ ভিতৰতে আটাইতকৈ বেছি প্ৰায় ৩৮ হাজাৰ মহিলাই জাগীৰোড সমষ্টিৰ পৰা আত্মসহায়ক গোট গঠনৰ মাধ্যমেৰে ১০ হাজাৰকৈ টকা লাভ কৰিব। সকলোৰে লগত মই ইতিমধ্যে বহুত আলোচনা কৰিলো। আমাৰ বিষয়াসকলৰ লগতো আলোচনা কৰিলো। তেওঁলোকে আমাক জনালে যে আমাৰ সমষ্টিৰ ৬ হাজাৰ প্ৰায় মহিলা আছে, যিসকলে ১০ হাজাৰ টকাৰ ওপৰত মাহিলী উপাৰ্জন কৰে। মই ভাবো অসমত এইটো এটা নৱজাগৰণ। মহিলা উদ্যমিতা আঁচনিৰ যোগেদি এই নৱজাগৰণটোক মুখ্যমন্ত্ৰী আৰু আগলৈ লৈ যাব" বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। 

WhatsApp Image 2025-08-22 at 6.54.39 PM


উল্লেখযোগ্য যে, ৩৩ লাখ মহিলাই ১০ হাজাৰ টকাকৈ প্ৰথম পৰ্যায়ত পাব, তাৰ পিছৰ পৰ্যায়ত যিসকলে কাম কৰে তেওঁলোককক ২৫ হাজাৰ টকা পৰৱৰ্তী সময়ত দিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এই ২৫ হাজাৰ টকা পাই যিসকলে কাম কৰিব তেওঁলোকক ৫০ হাজাৰ টকা দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। 

ফেচবুক লাইভ যোগে ববী শইকায়াৰ ঘৰৰ পৰা অসমৰ সকলো মহিলাক মন্ত্ৰীগৰাকীয়ে ভালদৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, "আমাৰ দেশত ১৪০ কোটি মানুহ আছে, তাৰে যদি ৪০ শতাংশই কাম নকৰে আমাৰ দেশখন কেতিয়াও উন্নত দেশ হ’ব নোৱাৰে। এতিয়া আমাৰ দেশ বিশ্বৰ চতুৰ্থ অৰ্থনীতিৰ দেশ। আমাৰ দেশ তৃতীয় স্থানৰ অৰ্থনীতিৰ দেশ হ’বলৈ গৈ আছে। আমাৰ দেশখন বিশ্বৰ দ্ৰুত উন্নয়নমুখী অৰ্থনীতিৰ দেশ। আমি এই মহিলাসকলক লৈহে ডেভলপ ইক’নমিলৈকে যাব পাৰিম" বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

pijush hazarika