/asomiyapratidin/media/media_files/2025/10/07/web-ap-akhil-2025-10-07-18-14-56.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যোৱাৰ সময়তে বিধায়ক অখিল গগৈৰ এক বাতৰি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
চিআইডিয়ে তদন্ত প্ৰক্ৰিয়া অতি সক্ৰিয়ভাৱে আগবঢ়াই লৈ গৈ থকা সময়তে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে শ্যামকানু মহন্তক ৩০ লাখকৈ টকা দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ প্ৰতিটো বিভাগক নিৰ্দেশ দিয়া বুলি বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা বিস্ফোৰক অভিযোগ সন্দৰ্ভত সৰ্বত্ৰে চৰ্চা হৈছে। এই সন্দৰ্ভত সামাজিক মাধ্যমতো যথেষ্ট চৰ্চা চলাৰ সমান্তৰালকৈ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই এই অভিযোগৰ সত্যতা নিৰূপণৰ বাবে অখিল গগৈক প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছে।
মন্ত্ৰী হাজৰীকাই সামাজিক মাধ্যমত অখিল গগৈক ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি উল্লেখ কৰি কঠোৰ সমালোচনা কৰে। মন্ত্ৰী হাজৰীকাই এই অভিযোগৰ সত্যতা নিৰূপণৰ বাবে প্ৰত্যাহ্বান জনাই সামাজিক মাধ্যমত উল্লেখ কৰে যে— "মাননীয় অখিল গগৈ ডাঙৰীয়া, আপুনি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ভিত্তিহীন অভিযোগ উত্থাপন কৰা দৃষ্টিগোচৰ হৈছে। নৰ্থ-ইষ্ট ফেষ্টিভেলৰ বাবে অসম চৰকাৰৰ প্ৰতিটো বিভাগক ৩০ লাখকৈ টকা শ্যামকানু মহন্তক দিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিয়া বুলি এক অভিযোগ উত্থাপন কৰিছে। শ্ৰী গগৈ ডাঙৰীয়া, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া এই নিৰ্দেশৰ কিবা প্ৰতিলিপি আপুনি দিব পাৰিব নেকি? তদুপৰি, কোন কোন বিভাগে ৩০ লাখকৈ টকা আদায় দিছে, সেই সন্দৰ্ভতো কিবা প্ৰতিলিপি, তথ্য, প্ৰমাণ আপুনি দিব পাৰিবনে? প্ৰতিমুহূৰ্ততে ৰাইজৰ আৱেগৰ সৈতে খেলি ভিত্তিহীন কথাৰে সকলোকে উচটাই বিভ্ৰান্ত কৰিবলৈ অপচেষ্টা কৰি নাথাকিব গগৈ ডাঙৰীয়া। চালে-বেৰে কোবাই কথা কৈ থকাৰ সলনি তথ্য-প্ৰমাণসহ কথা কওক। আৰু আপুনি কৈ আছে যে আপুনি দুখত ভাৰাক্ৰান্ত! যদিহে আপুনি ইমানেই দুখী, তেনেহলে এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰিবলৈ সময় কেনেকৈ পাইছে?"
শেহতীয়াকৈ বিধায়ক অখিল গগৈ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ এই মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে।