বটদ্ৰৱাৰ গৰিমা, এই স্থানৰ গুৰুত্ব অসমৰ ৰাইজৰ কাৰণে অত্যন্ত বেছিঃ মন্ত্ৰী পীযুষ হাজৰিকা

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-27 at 7.12.37 PM

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী বটদ্ৰৱা আগমনকলৈ বটদ্ৰৱাত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা বটদ্ৰৱাৰ প্ৰকল্পস্থলীত উপস্থিত হৈ সাংবাদিকৰ আগত কয় যে "বটদ্ৰৱা এই ভূ-খণ্ড যুগ যুগ ধৰি অনাদৃত আৰু অৱহেলিত হৈ আছিল। এই স্থানৰ গৰিমা, এই স্থানৰ গুৰুত্ব অসমৰ ৰাইজৰ কাৰণে অত্যন্ত বেছি। এই স্থানত আমাৰ মহাপুৰুষ আমাৰ গুৰুজনা আমাৰ ভগৱান সদৃশ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। মই ৰাজনৈতিক ব্যক্তি হিচাপে কোৱা নাই, মই এই স্থানৰ ওচৰ পাজৰৰ অঞ্চলৰ ব্যক্তি হিচাপে কৈছোঁ। বিগত দিনত উপেক্ষিত হৈ থকা বটদ্ৰৱা ভূমিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সপোন দেখিছে, তাত মোৰ বোধেৰে মুখ্যমন্ত্ৰী মহোদয় সফল হৈছে"। এই বুলি মন্তব্য প্ৰকাশ কৰে। 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ পূৰ্বে আজি যুদ্ধংদেহী গতিৰে  উন্নয়ন আৰু সৌন্দৰ্য বৰ্দ্ধনৰ কাম চলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰায় ৬০ হেজাৰ ৰাইজৰ সমাগম হোৱাৰ পৰিকল্পনা কৰিছে। ইফালে গৃহমন্ত্ৰীক আদৰনি জনোৱা উদেশ্যে প্ৰকল্পস্থলীত আইমাতৃ সকলে নামকীৰ্ত্তনৰ আখৰাত ব্যস্ত হৈ পৰিছে। ৬০০ আইমাতৃ সমবেত হৈ দিহানামৰ আখৰাত বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হৈছে। 

এটা সময় বটদ্ৰৱাৰ বেদখল হোৱা এই ভূমিত চলিছিল অসামাজিক কাৰ্যকলাপ চলিছিল। ভূমিৰ বেদখল মুকলিৰ বাবে "বটদ্ৰৱা বচাও" নামৰ এটি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব লগীয়া হৈছিল। বটদ্ৰৱাৰ বেদখল হোৱা ভূমিৰ বিষয়ে বাতৰি লিখা সাংবাদিকৰ ওপৰত চলিছিল তীব্ৰ মানসিক অত্যাচাৰ। বেদখলকাৰীৰ বিৰুদ্ধে বাতৰি পৰিবেশনৰ পাছতে প্ৰতিবেদকক হত্যাৰ ভাবুকি দিয়া হৈছিল। 

পৰৱৰ্তী কালত বিজেপি নেত্বীত্বাধীন চৰকাৰ ২০১৬ চনত শাসনলৈ অহাৰ পিছতেই  একেটা বছৰতে কাজিৰঙাত চলোৱা উচ্চেদৰ ঠিক পিছতেই ২৩ ছেপ্তেম্বৰত  তদানীন্তন মুখ্যমন্ত্রী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেত্বীত্বত বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰৰ ১৬৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ পিছত ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল। 

উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্প শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নামেৰে জনাজাত হ'ব। সৰ্বমুঠ ২২২ কোটি টকাৰ ব্যয় সাপেক্ষে এই আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মান হৈ উঠিছে। অহা ২৯ তাৰিখ  সোমবাৰে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰিব এই প্ৰকল্প। ইতিমধ্যে মাজত মাথো এটা দিন বাকী থকাৰ সময়ছোৱাত প্ৰস্তুতি তুংগত উঠিছে। প্ৰকল্পস্থলীৰ পৰিৱেশ দৃষ্টি নন্দন হৈ উঠিছে। প্ৰশাসনৰ লগতে বিভাগীয় মুৰব্বী বিষয়া সকলে দিনে নিশাই কাম কৰিছে। জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা দিনে নিশাই ব্যস্ত থাকি প্ৰকল্পস্থলীৰ কামকাজৰ তদাৰক কৰিছে। আজি মন্ত্ৰী পীযুষ হাজৰিকা আৰু নগাঁও- বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মাই প্ৰকল্পস্থলীত উপস্থিত হৈ কামকাজৰ তদাৰক কৰে। স্থানীয় ৰাইজ আশাবাদী হৈ আছৈ এই প্ৰকল্পক লৈ। 

গড়কাপ্তানি বিভাগে প্ৰতিটো পথৰ উন্নয়নৰ বাবে দিনে নিশাই ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। গৃহমন্ত্ৰীৰ বটদ্ৰৱা ভ্ৰমনৰ কাৰ্যসূচী সফল কৰাৰ বাবে বিভাগীয় বিষয়া সকলে ইখনৰ পিছত সিখন সভা অনুষ্ঠিত কৰিছে। থলুৱা স্থাপত্যৰ আৰ্হিত নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্প অঞ্চলটোৰ ভৱিষ্যদৰ্শনৰ ৰূপৰেখা হ'ব । বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল নতুন ৰুপত উজ্বলি উঠিব বটদ্ৰৱা। নিবনুৱা সমস্যাৰ সমাধানৰ লগতে অৰ্থনেতিক প্ৰগতিৰ ভেটি নিকপকপীয়া হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগ আৰু তৎপৰতাত অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থানত  বিশেষকৈ পৰ্য্যটন ক্ষেত্ৰৰ বিকাশ - গুৰুদুজনাৰ ঐতিহ্যময় আধ্যাত্মিক কলাৰ প্ৰচাৰ প্ৰসাৰৰ সম্ভাৱনা আৰু বটদ্ৰৱাৰ বিকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰা বাস্তৱমুখী চিন্তা চৰ্চাৰ বাবেই  বটদ্ৰৱাৰ ভকত বৈষ্ণৱ তথা ৰাইজে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। 

বটদ্ৰৱা