/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/D0d_oGAVAAIN-wL.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে পাকিস্তানৰ এফ-১৬ বিমান এখনে কাশ্মীৰত এলঅ'চি অতিক্ৰম কৰি ভাৰতৰ মাটিত আক্ৰমণ চলোৱাৰ চেষ্টা কৰোতে সেই চেষ্টা ব্যৰ্থ কৰে ভাৰতৰ মিগ-২১ যুঁজাৰু বিমানখনে। এই প্ৰত্যাক্ৰমণত পাকিস্তানৰ বিমানখন সীমান্তৱৰ্তী এলেকাত ধ্বংসপ্ৰাপ্ত হয় যদিও ইয়াৰ ওপৰত আক্ৰমণ চলোৱা ভাৰতীয় যুঁজাৰু বিমানখন সন্ধানহীন হৈ পৰে। উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানে চলাই নিয়া বিমানখনে নিয়ন্ত্ৰন হেৰুৱাৰ লগতে কাৰিকৰী বিজুটিৰ বাবে পাকিস্তানৰ আকাশত ধ্বংসপ্ৰাপ্ত হোৱাৰ প্ৰাকক্ষণত পেৰাচুটেৰে নিজক ৰক্ষা কৰিবলৈ সক্ষম হ'লেও অভিনন্দন পৰেগৈ পাকিস্তানৰ এলেকাৰ এটা নিজৰাত।
লগে লগে পাকিস্তানী সেনাই তেওঁক বন্দী কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ উপৰি এই সম্পৰ্কীয় বহু ভিডিঅ'ৰ বিশ্বজোৰা প্ৰচাৰ চলাই পাকিস্তান চৰকাৰে। এনে কৰিবলৈ যাওতে সময়ে সময়ে মিথ্যাচাৰৰো আশ্ৰয় লয় পাকিস্তানে। প্ৰথমে কোনো ভাৰতীয় যুঁজাৰু বিমান তেওঁলোকে ধ্বংস কৰা নাই বুলি কৈছিল। ঠিক তাৰ কিছু সময় পিছতে ২জন ভাৰতীয় পাইলট তেওঁলোকে বন্দী কৰিবলৈ সক্ষম হোৱা বুলি প্ৰচাৰ চলালেও পৰৱৰ্তী সময়ত তেওঁলোকৰ হাতত এজনহে পাইলট আছে বুলি আৰু তেওঁক সন্মান সহকাৰে ৰখা হৈছে বুলিও ঘোষণা কৰাতে ক্ষান্ত নাথাকি সংবাদমাধ্যমৰ জৰিয়টে বিষয়াৰ সৈতে ৰৈ চাহ খাই বৰ্থমানে বাৰ্তালাপ কৰা ছবি প্ৰচাৰ কৰা হৈছিল।
ইফালে ভাৰত চৰকাৰে দাবী কৰা অনুসৰি সীমান্তত আক্ৰমণ চলাবলৈ অহা পাক বায়ু সেনাৰ এফ-১৬ বিমানখনক লৈও সৃষ্টি হৈছে বিতৰ্কৰ। পাকিস্তানে প্ৰথমে দাবী কৰিছিল যে, আক্ৰমণৰ বাবে নহয় নিয়মীয়া সতৰ্কতামূলক উৰণৰ সময়তহে ভাৰতীয় বায়ু সেনাই খেদি গৈ বিমানখন ধ্বংস কৰিছিল। ভাৰতীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এই কথা অস্বীকাৰ কৰা হৈছিল যদিও ভাৰতে বিমানখনৰ ধ্বংসাৱশেষ ভাৰতৰ মাটিত দেখুওৱাব পৰা নাছিল তাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/cc5ec9d3-0698-4172-9a09-910d2ae760f4.jpg)
কিন্তু বৃহস্পতিবাৰে পাকিস্তানৰ এফ-১৬ বিমান ধ্বংস কৰাৰ প্ৰমাণ লাভ কৰিছে ভাৰতে। পাক অধিকৃত কাশ্মীৰত উদ্ধাৰ হৈছে বিমানখনৰ অৱশিষ্ট। বুধবাৰে ৰাজৌৰী সীমাৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাওতে ভাৰতে ধ্বংস কৰা পাকিস্তানৰ বিমানখনৰ অৱশিষ্ট উদ্ধাৰ হোৱাৰ পিছতে ভাৰতে পাকিস্তানৰ বিমানখন ধ্বংস কৰাৰ প্ৰমাণ লাভ কৰা হৈছে। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত হৈছে পাকিস্তানৰ বিমানখনৰ ছবি। প্ৰকাশিত আলোকচিত্ৰখনত দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ এগৰাকী কামাণ্ডিং বিষয়া। ইফালে একাংশ লোকে এই বিমানখন ভাৰতৰ বিমানহে আছিল বুলি ছ'চিয়েল মিডিয়াত দাবী কৰাও দেখিবলৈ পোৱা গৈছে। অৱশ্যে এইক্ষেত্ৰত ভাৰতীয় বায়ুসেনাই সদৰি কৰা নাই কোনো নিশ্চিত তথ্য।