আচাৰ প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে ঘিলাধাৰীৰ জোনতি বৰাই

জোনতি বৰাই বিভিন্ন তৰহৰ আচাৰ তৈয়াৰ কৰি ব্যৱসায় কৰি বৰ্তমান সমগ্ৰ এলেকাৰ বাবেই স্বাৱলম্বিতাৰ নিদৰ্শন হৈ পৰিছে ৷ জোনতিয়ে আন ৯ গৰাকী সদস্যা সহ ২০১৬ চনতেই ৰ’দালি আত্মসহায়ক গোট গঠন কৰি গমাৰী উন্নয়নখণ্ডত অন্তভূক্ত হৈ আচাৰ তৈয়াৰ কৰিবলৈ লয় ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত পুৰুষৰ সামানে সমানে মহিলাসকলেও স্বাৱলম্বীতাৰ পথ মুকলি কৰি লৈছে। কোনোৱে যদি দোকান-পোহাৰ দিছে আন কোনোৱে আকৌ ৰবৰৰ খেতিৰে নিজৰ উপাৰ্জনৰ পথ বাছি  লৈছে।

গোলাঘাটৰ বৃহত্তম গাওঁ ঘিলাধাৰী মৌজাৰ আদৰ্শ গমাৰীৰ এগৰাকী মহিলা জোনতি বৰাই সাংসাৰিক জীৱনৰ ঘাট প্ৰতিঘাটৰ মাজত নিজৰ উপাৰ্জনৰ পথ নিজে মুকলি কৰিছে। জোনতি বৰাই বিভিন্ন তৰহৰ আচাৰ তৈয়াৰ কৰি ব্যৱসায় কৰি বৰ্তমান সমগ্ৰ এলেকাৰ বাবেই স্বাৱলম্বিতাৰ নিদৰ্শন হৈ পৰিছে ৷ জোনতিয়ে আন ৯ গৰাকী সদস্যা সহ ২০১৬ চনতেই ৰ’দালি আত্মসহায়ক গোট গঠন কৰি গমাৰী উন্নয়নখণ্ডত অন্তভূক্ত হৈ আচাৰ তৈয়াৰ কৰিবলৈ লয় ৷ 

পকামিস্ত্ৰীৰ কাম কৰি সংসাৰ প্ৰতিপালন কৰা তেওঁৰ স্বামী পাপু বৰা ২০১৯ চনত ৰহস্যজনক ভাবে মৃত্যু হোৱাৰ পাছত দুটি কণমাণি সন্তানক লৈ তেওঁ কিংকৰ্তব্যবিমূঢ় হৈ পৰে ৷সন্তান দুটিক ডাঙৰ দীঘল কৰাৰ চিন্তাই তেওঁক ঝুমুৰী দি ধৰে ৷ বহু চিন্তা কৰি তেওঁ নিজা পাঁচ হেজাৰ টকা আৰু তিনিটা খাহি ছাগলী বিক্ৰী কৰি পোৱা মুঠ বাৰ হেজাৰ টকাৰে ২০১৯ চনৰে পৰা গাঁৱৰ বিভিন্ন লোকৰ ঘৰ আৰু বজাৰৰ পৰা কেচা সামগ্ৰী কিনি আনি আচাৰ ব্যবসায়টোৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিলে ।ব্লকৰ বিষয়াৰ সহযোগত “জুনতি এণ্টাৰপ্ৰাইজ” খুলি ঔ টেঙা, নেমু, জলফাই,আম,কঠাল,ভোট জলকীয়াকে ধৰি বিভিন্ন জাতৰ জলকীয়া,তেতেলীৰ মিঠা আছাৰ,বাহঁগাজ,আমলখী,ককলপচলা, কলডিল আদিৰ আচাৰ তৈয়াৰ কৰি সেই বৰ্ষতেই গমাৰী ব্লকৰ জৰিয়তে গুৱাহাটীৰ চ’চ মেলাত ১৫ দিন ধৰি বিক্ৰী কৰি ব্যাপক লাভৰ মুখ দেখিলে ৷ তাত ভবিষ্যতৰ বাবে আচাৰ বিক্ৰীৰ বাবে আৰু বটলিং,পেকেটিং আদিৰ বাবে সংযোগ লাভ কৰিলে ৷ সেই বৰ্ষতে তেওঁৰ চৰকাৰি ভাবে যোৰহাটত আচাৰ তৈয়াৰী,পেকেজিং,বিক্ৰীৰ তিনিদিনীয়া প্ৰশিক্ষণ লৈ আহি আৱশ্যকীয় তিনিটা মেচিন কিনি আনি নিজা কামত পূৰ্ণোদ্যমে লাগি গ’ল ৷ 

প্ৰণিধানযোগ্য যে, আছাৰৰ লগতে অৰ্ডাৰ মতে তিলপিঠা,ঘিলাপিঠা,পকামিঠৈ আদি পেকিটিং কৰি বিক্ৰী কৰিয়েই তেওঁ দুটাকৈ সন্তান পঢ়াই শুনাই ডাঙৰ কৰিলে ৷ এতিয়া বৰপুত্ৰই সমাজ সেৱা কৰাৰ বিপৰীতে সৰুপুত্ৰই গোলাঘাটত আই টি আইত প্ৰশিক্ষণ লৈ আছে ৷ জোনতিৰ আচাৰৰ ব্যৱসায়ৰ পৰিসৰ এতিয়া বহুত ডাঙৰ হ’ল ৷ এতিয়া তেওঁ গোলাঘাট-মেৰাপানী আদিৰ লগতে গুৱাহাটীলৈও বহুটকাৰ আচাৰ অৰ্ডাৰ মতে বিক্ৰীৰ বাবে প্ৰতিমাহে প্ৰেৰণ কৰে ৷ তেওঁ মাহেকীয়া আয় বৰ্তমান ২০ হেজাৰৰো অধিক ৷ জোনতিৰ এনে লাভজনক ব্যৱসায়ে এলেকাটোৰ আন আন মহিলাৰ বাবে এক স্বাৱলম্বিতাৰ নিদৰ্শন হৈ পৰিছে ৷

গোলাঘাট