Advertisment

ফুলকন নাৰ্জাৰীৰ নেতৃত্বত চলিছিল মাজবাট কাণ্ডৰ তদন্ত

ওদালগুৰিৰ উপ-আৰক্ষী অধীক্ষক ফুলকন নাৰ্জাৰীৰ নেতৃত্বত চলিছিল সমগ্র ঘটনাৰ তদন্ত। প্রায় ৩ মাহৰ ভিতৰতেই পুংখানুপুংখভাৱে তদন্ত সমাপন কৰি চাৰ্জশ্বিট দাখিল কৰিছিল ফুলকন নাৰ্জাৰীয়ে।

author-image
Asomiya Pratidin
New Update
xv

ডিজিটেল সংবাদ,ওদালগুৰিঃ অৱশেষত ন্যায় পালে ৰাজ্য কঁপাই যোৱা মাজবাটৰ জঘন্য ধর্ষণ কাণ্ডৰ নাবালিকা কিশোৰীয়ে । ঘটনাৰে জড়িত ৫ ধৰ্ষণকাৰীক ওদালগুৰিৰ বিশেষ সত্র ন্যায়াধীশ আদালতৰ এন এছ দেউৰীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

Advertisment

এই সমগ্র ঘটনাৰ তদন্তৰ দায়িত্বত আছিল এগৰাকী মহিলা আৰক্ষী বিষয়া। ওদালগুৰিৰ উপ-আৰক্ষী অধীক্ষক ফুলকন নাৰ্জাৰীৰ নেতৃত্বত চলিছিল সমগ্র ঘটনাৰ তদন্ত। প্রায় ৩ মাহৰ ভিতৰতেই পুংখানুপুংখভাৱে তদন্ত সমাপন কৰি চাৰ্জশ্বিট দাখিল কৰিছিল ফুলকন নাৰ্জাৰীয়ে।

 যাৰ বাবে অতি কম দিনতে ন্যায়ৰ মুখ দেখিলে ৰাজ্য কঁপাই যোৱা মাজবাটৰ জঘন্য ধর্ষণ কাণ্ডৰ নাবালিকাই। ভুক্তভোগী কিশোৰীৰ ন্যায় সুনিশ্চিত হোৱাৰ পাছতেই সামাজিক মাধ্যমযোগে ফুলকন নাৰ্জাৰীক তেওঁৰ ক্ষীপ্ৰ তদন্ত আৰু সময়মতে চাৰ্জশ্বীট দাখিলৰ বাবে ধন্যবাদ জনাই অসম আৰক্ষীয়ে ।

ফুলকন নাৰ্জাৰী