/asomiyapratidin/media/media_files/2025/10/03/agroni-khabar-2025-10-03-17-46-26.webp)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীৰ মাইনাওবিলীত বুধবাৰে সন্ধিয়া এগৰাকী নাবালিকা কিশোৰীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকগৰাকীক ভূটীয়াপাৰাৰ মহেন্দ্ৰ নাথ ওৰফে টই বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্যাতনৰ বলি হোৱা নাবালিকা কিশোৰীৰ পৰিয়ালৰ লোকে দিয়া এজাহাৰ অনুসৰি মহেন্দ্ৰ নাথে পিছপিনৰ পৰা নাবালিকা কিশোৰীগৰাকীক গবা মাৰি ধৰে আৰু গলত আঘাত কৰে। সৌভাগ্যক্ৰমে নাবালিকাগৰাকীয়ে মহেন্দ্ৰ নাথৰ কবলৰ পৰা মুক্ত হবলৈ সক্ষম হয় আৰু পৰিয়ালৰ লোকক অৱগত কৰে।
পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে আৰক্ষীক অভিযোগ দিয়াত বালাজান আৰক্ষীয়ে নিশাই অভিযুক্তক কৰায়ত্ব কৰে। আৰক্ষীয়ে নিৰ্যাতিতা নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰায়। আনহাতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ (নং ২৫৮/২৫) ৰজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আৰ/ডব্লিউ ধাৰাৰ ৮ পকচো আইনৰ অধীনত গোচৰ ৰজু কৰি অভিযুক্ত মহেন্দ্ৰ নাথক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us