সৰবৰহী মহিলা ফুলমাই হাজৰিকাৰ পৰলোকপ্ৰাপ্তি …

তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ হাজৰিকাৰ মাতৃ তথা সৰবৰহী মহিলা ফুলমাই হাজৰিকা আৰু নাই। সোমবাৰে দিনৰ প্ৰায় ১-০০ বজাত বাৰ্ধক্যজনিত কাৰণত তেজপুৰৰ মিছন হাস্পাতালত ৮৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

author-image
Asomiya Pratidin
New Update
472

ডিজিটেল সংবাদ, তেজপুৰ : তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ হাজৰিকাৰ মাতৃ তথা সৰবৰহী মহিলা ফুলমাই হাজৰিকা আৰু নাই। সোমবাৰে দিনৰ প্ৰায় ১-০০ বজাত বাৰ্ধক্যজনিত কাৰণত তেজপুৰৰ মিছন হাস্পাতালত ৮৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

উল্লেখ্য যে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ নিবাসী দুৰ্গাপ্ৰসাদ হাজৰিকাৰ সহধৰ্মিণী ফুলমাই হাজৰিকা বিগত দিন ধৰি স্থানীয় সত্যসন্ধা মহিলা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আহিছিল। জানিব পৰা মতে আজি পুৱা হঠাতে মহিলাগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকসকলে ততাতয়াকৈ মিছন হাস্পাতালত ভৰ্তি কৰে ।

কিন্ত চিকিৎসাধীন অৱস্থাতে দিনৰ ১ মান বজাত ফুলমাই হাজৰিকাৰ অকাল বিয়োগ ঘটে। উল্লেখ্য যে মৃত্যুৰ সময়ত ফুলমাই হাজৰিকাই স্বামী দুৰ্গাপ্ৰসাদ হাজৰিকা, জ্যেষ্ঠ পুত্ৰ সঞ্জীৱ হাজৰিকা আৰু কন্যাৰ লগতে বোৱাৰী,জী-জোঁৱাই,নাতি আৰু অগণন শুভাকাংক্ষীক ইহসংৰাহত এৰি থৈ যায়।

সৰবৰহী মহিলাগৰাকীৰ মৃত্যুত জামুগুৰিহাটত শোকৰ ছাঁ পৰে। আনহাতে জ্যেষ্ঠ সাংবাদিক তথা শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ মাতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোণিতপুৰ জিলা সাংবাদিক সন্থা (আজু) আৰু শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্যসকল তেজপুৰ মিছন হাস্পাতালত উপস্থিত হয়।

এইক্ষেত্ৰত শোণিতপুৰ জিলা সাংবাদিক সন্থা (আজু)ৰ কাৰ্যকৰী সভাপতি দিব্যজ্যোতি নাথ আৰু শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সহকাৰী সম্পাদক পুলক কুমাৰ ডেকা, সাংগঠনিক সম্পাদক হিমাংশু শইকীয়াৰ লগতে সাংবাদিক প্ৰণৱ কুমাৰ দাস, সমীৰ কৰ, ৰূপজ্যোতি গোস্বামীয়ে ফুলমাই হাজৰিকালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰোপৰি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সভাপতি পংকজ কুমাৰ নাথ, বিশিষ্ট লেখিকা ৰাণু হাজৰিকা, শোণিতপুৰ জিলা সাংবাদিক সন্থা (আজু), শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন আৰু শোণিতপুৰ প্ৰেছ ক্লাবে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

ইয়াৰ পিছতে মিছন হাস্পাতালৰ পৰা মহিলাগৰাকীৰ নশ্বৰদেহ জামুগুৰিহাটৰ বৰভগীয়া গাঁৱত থকা বাসগৃহলৈ লৈ যায়।

তেজপুৰ