জনস্বাস্থ্য বিভাগত বিলিয়া মংগল ৰয় আৰু দিগন্ত কুমাৰ বৰুৱাক অতিৰিক্ত দায়িত্ব প্ৰদান..

author-image
Asomiya Pratidin
New Update
সদৌ অসম কবি সন্মিলনৰ ২০১৯-২০২২ বৰ্ষৰ  সন্মান প্ৰাপক সকলৰ নাম ঘোষণা

PHE

ডিজিটেল ডেস্কঃ দিছপুৰৰ পৰা জাৰি কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ No. PHED-67/2021/149 জাননী অনুসৰি এক নিৰ্দেশনা অনুসৰি ACE তথা বি টি এ ডিৰ অতিৰিক্ত মুখ্য অভিযন্তা বিলিয়া মংগল ৰয়ক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাৰ দায়িত্ব গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। পূৰ্বৰ মুখ্য অভিযন্তা ৰমেন্দ্ৰ সুন্দৰ চৌধুৰীক অসম চৰকাৰৰ সচিব পদলৈ পদোন্নতি দিয়াৰ বাবে বি টি এ ডিৰ মুখ্য অভিযন্তা হিচাপে দায়িত্ব দিয়া হৈছে।

Advertisment

আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ No. PHED-67/2021/149-A জাননী অনুসৰি এ চি ই তথা নামনি অসম জ'নৰো এ চি ই দিগন্ত কুমাৰ বৰুৱাক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময়ৰ মুখ্য অভিযন্তা হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছে। উল্লেখ্য যে বিভাগৰ মুখ্য অভিযন্তা দীপতেন্দু তালুকদাৰে অৱসৰ গ্ৰহণ কৰাৰ বাবে দিগন্ত কুমাৰ বৰুৱাক অতিৰিক্ত ভাৱে এই দায়িত্ব অৰ্পন কৰা হৈছে।

dispur PHE BTAD