শুভাশিস মহন্তক পি এইচ ডি ডিগ্ৰী প্ৰদান গুৱাহাটী বিশ্ববিদ্যালয়ৰ

শুভাশিস মহন্তক "An Analytical Study of the Rights of Victims of Crime with Special Reference to Kamrup Metropolitan District" শীর্ষক গৱেষণা কৰ্মৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এই ডিগ্ৰী প্ৰদান কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  আইন পাঠ্যক্ৰমৰ Victimology সম্পর্কিত বিষয়ত গৱেষণা কর্ম সম্পন্ন কৰা বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰথমগৰাকী গৱেষক ছাত্ৰক প্ৰদান কৰিলে পি এইচ ডি ডিগ্ৰী।

 গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিধি বিভাগৰ গৱেষক শুভাশিস্ মহন্তক "An Analytical Study of the Rights of Victims of Crime with Special Reference to Kamrup Metropolitan District" শীর্ষক গৱেষণা কৰ্মৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এই ডিগ্ৰী প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, তেওঁ সহযোগী অধ্যাপিকা ড° মৃদুলা দেৱীৰ তত্ত্বাৱধানত গৱেষণা কৰ্ম সম্পন্ন কৰিছিল। অসম সচিবালয়ৰ এগৰাকী বিষয়া হিচাপে কৰ্মৰত ড° শুভাশিস্ মহন্ত।

তেওঁ শিৱসাগৰৰ প্ৰয়াত নীলমণি মহন্ত আৰু বিশিষ্ট লেখিকা তথা অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° অৰুন্ধতী মহন্তৰ পুত্ৰ তথা শ্ৰীমতী ৰুণ দেৱীৰ স্বামী।

গুৱাহাটী বিশ্ববিদ্যালয়