সাৱধান ! ফাৰ্মাচিলৈ পকেটত কমকৈ ধন লৈ নাযাব
ডিজিটেল সংবাদ , নগাঁও : ভয়ংকৰ ভাবে বৃদ্ধি পাইছে ঔষধৰ মূল্য ৷ শাৰিৰীক ভাবে অসুস্হ হলে ঔষধ কিনি খাবলৈ এতিয়া ভয় লগা এক পৰিবেশৰ সৃষ্টি হৈছে ৷ ঔষধ নিৰ্মাতা কোম্পানীয়ে প্ৰতিদিনে বৃদ্ধি কৰিছে সকলো ধৰনৰ ঔষধৰ দাম ৷ অনিয়ন্ত্ৰিত হাৰত মূল্য বৃদ্ধি ঘটোৱা হৈছে সাধাৰন ঔষধৰ মূল্য ৷
কোনো ৰোগী চিকিৎসকৰ পৰামৰ্শপত্ৰ লৈ ফাৰ্মাচিলৈ যোৱাটো এতিয়া ভয় লগা পৰিবেশ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধিয়ে সাধাৰন লোকৰ জীৱন নিৰ্বাহত সমস্যাৰ সৃষ্টি কৰাৰ সময়তে অস্বাভাবিক ভাবে ঔষধৰ মূল্য বৃদ্ধি ঘটাত হাহাকাৰ লাগিছে সাধাৰন লোকৰ মাজত ৷ ঔষধৰ ব্যাপক মূল্য বৃদ্ধি ঘটোৱাৰ পিছত নিশ্চুপ চৰকাৰ ৷ নিয়ন্ত্ৰত কৰোতা কোনো নাই ৷
সাধাৰন পেটৰ বেমাৰৰ পৰা দুৰাৰোগ্য বেমাৰলৈকে সকলোৰে মূল্য বৃদ্ধি কৰিছে কোম্পানীসমূহে ৷ কিয় অবাধে ঔষধৰ দাম বৃদ্ধি ঘটোৱা হৈছে তাৰ উত্তৰ খুচুৰা বা পাইকাৰী ঔষধ বিক্ৰেটাৰ হাতত নাই ৷
লিভাৰৰ বাবে সততে ব্যৱহাৰ হোৱা udiliv300 নামৰ ঔষধৰ দাম বৃদ্ধি কৰা হৈছে ৬৯৪.১৯ টকালৈকে ৷ এমাহ পূৰ্বলৈকে এই ঔষধৰ দাম আছিল প্ৰায় পাঁচশ টকা ৷ একেদৰে সপ্তাহ পূৰ্বলৈকে udiliv150 mg ৰ দাম আছিল ৩৫৯.৯৯ টকা ৷ এতিয়া বৃদ্ধি কৰা হৈছে ৩৯৫.৯৮ টকালৈ ৷ প্ৰসূতিৰ বাবে প্ৰয়োজনীয় Duphastan 10 mg ৭৫৪.৩৮ টকালৈ বৃদ্ধি কৰা হৈছে ৷ পূৰ্বে দাম আছিল ৭৩৯.৭৬ টকা ৷
লিভাৰৰ বিভিন্ন চিৰাপৰ দামো বৃদ্ধি কৰা হৈছে ৷ সততে ব্যৱহাৰ হোৱা Liv-52 200ml 150 টকালৈ , Liv-52 টেবলেট ১৩০ টকা , Liv52 DS ১৭০ টকা , Liv52 DS 200ml ২৫০ টকালৈ বৃদ্ধি কৰা হৈছে ৷ একেদৰে ভিটামিন Bevon capsul ১০৯ টকাৰ পৰা ১২০.৭৫ টকালৈ বৃদ্ধি কৰা হৈছে ৷ Bevon চিৰাপ ১৪৪.৫৫ টকাৰ পৰা ১৫৮.৮৫ টকালৈ বৃদ্ধি কৰিছে ৷ গেছৰ Rabonic plus ২১৯.৬১ টকাৰ পৰা ২৩৭.১৭ টকালৈ বৃদ্ধি কৰা হৈছে ৷ Rabonic DSR ১৬৪.৭১ ৰপৰা ১৮১.১৮ টকালৈকে বৃদ্ধি হৈছে ৷
মধুমেষ ৰোগীৰ বাবেও আছে বেয়া খবৰ ৷ সততে ব্যৱহাৰ হোৱা Glimisav M1 ১১৬.৪০ টকাৰ পৰা ১২৮.০৪ টকালৈ বৃদ্ধি কৰা হৈছে ৷ Glimisav M2 ১৬৬.৬৭ টকাৰ পৰা ১৮৩.৩৩ টকালৈ বৃদ্ধি কৰিছে ৷ হাৰ্টৰ ৰোগত ব্যৱহাৰ হোৱা Olkem T 12.5 mg ১৭৬ টকালৈ আৰু 40mg টেবলেট ২৫৫ টকালৈ বৃদ্ধি কৰা হৈছে ৷ প্ৰটিন পাউদাৰ Ensure 400gr ৫৭৫ টকাৰ পৰা ৬২৫ টকালৈ বৃদ্ধি কৰা হৈছে ৷ শিশু খাদ্য হিচাপে ব্যৱহাৰ হোৱা Pediasure 400gr ৫৬০ ৰ পৰা ৬৫০ টকা আৰু Jsomil Powder ৫৩০ টকাৰ পৰা ৫৫০ টকালৈ বৃদ্ধি কৰা হৈছে ৷ পেটৰ বেমাৰত ব্যৱহাৰ হোৱা Prepro IBS ৪০৯ টকালৈ বৃদ্ধি কৰা হৈছে ৷