/asomiyapratidin/media/media_files/2025/10/22/34-2025-10-22-11-10-12.jpg)
ডিজিটেল ডেস্ক : ভাল খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাত উজলি উঠিছে অসমৰ এগৰাকী খেলুৱৈ। তেওঁৰ নাম হৈছে ফাগুনজ্যোতি।
ফাগুনজ্যোতিয়ে ছত্তিশগড়ত অনুষ্ঠিত ১২ বছৰ অনুৰ্ধ ছোৱালী শাখাৰ টেনিছ প্ৰতিযোগিতাত সাফল্য লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। খেলুৱৈগৰাকীয়ে ঝাৰখণ্ডৰ আলভ্যা হৰ্ষ আৰু অন্দ্ৰ প্ৰদেশৰ ব্ৰহ্মাণী বনামক পৰাস্ত কৰি দ্বি-মুকুট অৰ্জন কৰে।
প্ৰতিযোগিতাত তেওঁৰ প্ৰতিদ্বন্দ্বী দুগৰাকীক ৬-০,৬-১ ছেটত পৰাস্ত কৰি এই সাফল্য লাভ কৰে। এইখিনিতে এটা কথা উল্লেখ কৰিব পৰি যে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাখন ১৩ৰ পৰা ১৭ অক্টোবৰলৈ ছত্তিশগড়ত অনুষ্ঠিত হৈছিল।