/asomiyapratidin/media/media_files/2025/12/13/new-ap-web-5-4-2025-12-13-22-11-44.jpg)
ডিজিটিল সংবাদ, সোণাপুৰঃ সোণাপুৰৰ বহু চৰ্চিত যোগদল হত্যাকাণ্ডৰ ১৬ বছৰ সম্পূৰ্ণ হ'ল। পিছে আজিও ন্যায় নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে। যাৰবাবে ন্যায় বিচাৰি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যালয়ত আবেদন দাখিল কৰিলে ডিমৰীয়া বিকাশ মঞ্চই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/whatsapp-image-2025-2025-12-13-22-12-50.jpeg)
উল্লেখযোগ্য যে, ২০০৯ চনৰ ১২ ডিচেম্বৰৰ মাজনিশা অসমৰ কামৰূপ (মেট্ৰ’) জিলাৰ ডিম’ৰিয়া জনজাতি বেল্টৰ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যোগদাল গাঁৱত সংঘটিত হৈছিল এই ভয়ংকৰ হত্যাকাণ্ডটো। হৰকান্ত দলৈ, তেওঁৰ পত্নী শ্ৰীমতী স্বপ্না দলৈ, কন্যা প্ৰনিতা দলৈ আৰু সবিতা দলৈ, পুত্ৰ অতুল দলৈ, আৰু তেওঁলোকৰ ভতিজা টুকুল দলৈক মূৰ কাটি নিৰ্মমভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/whatsapp-image-2025-12-13-22-13-07.jpeg)
তদানীন্তন অসম চৰকাৰৰ এজন মন্ত্ৰী এই হত্যাকাণ্ডটোৰ সৈতে জড়িত থকাৰ সন্দেহৰ বাবেই ইচ্ছাকৃতভাৱে তদন্ত দুৰ্বল কৰা বুলি অভিযোগ উত্থাপন হৈছিল। সোণাপুৰ থানাই চলোৱা প্ৰাৰম্ভিক তদন্ত নিৰপেক্ষ নাছিল বুলিও স্থানীয় ৰাইজে উত্থাপন কৰিছিল অভিযোগ। পৰৱৰ্তী সময়ত ভুক্তভোগীৰ ঘৰ জ্বলাই দিয়াকে ধৰি গুৰুত্বপূৰ্ণ প্ৰমাণ ধ্বংস কৰাৰ অপচেষ্টা চলাইছিল দুৰ্বৃত্তই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/bvfg-cfnbh-2025-12-13-22-14-00.jpg)
প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি জড়িত থকাৰ বাবে আজিও ডিঙি কাটি হত্যা কৰা তিৱা সম্প্ৰদায়ৰ জনজাতীয় পৰিয়ালটো ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ডিমৰীয়া বিকাশ মঞ্চই। যাৰবাবে ন্যায় বিচাৰি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যালয়ত আবেদন ডিমৰীয়া বিকাশ মঞ্চৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/whatsapp-imag-pm-2025-12-13-22-14-15.jpeg)
আনহাতে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যালয়ত আবেদন দাখিলৰ পাছতে দিল্লীত সংবাদমেল সম্বোধন কৰিলে ডিমৰীয়া বিকাশ মঞ্চৰ মুখ্য উপদেষ্টা দিব্যজ্যোতি মেধিয়ে। ইফালে,ন্যায়ৰ আশাত আজিও বাট চাই আছে ডিমৰীয়াবাসীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us