/asomiyapratidin/media/media_files/2024/12/15/77TzHNqFnSHEuULbq1mk.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ প্ৰতিবেদন অনুসৰি বিগত দহ বছৰত জনমূৰি ফলমূল আৰু শাক-পাচলিৰ উপলব্ধতা ক্ৰমে ৭ কিলোগ্ৰাম আৰু ১২ কিলোগ্ৰাম বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, আৰু জম্মু-কাশ্মীৰৰ দৰে ৰাজ্যত ফল-মূল আৰু শাক-পাচলি উভয়ৰে উৎপাদন বৃদ্ধি পাইছে। কিন্তু উত্তৰ-পূবৰ বহু ৰাজ্যত জনমূৰি উৎপাদন হ্ৰাস পোৱাৰ বাতৰি পোৱা গৈছে।
ভাৰতত বছৰি প্ৰতিজন ব্যক্তিৰ বাবে প্ৰায় ২২৭ কিলোগ্ৰাম ফলমূল আৰু শাক-পাচলি উৎপাদন হয়, যিটো বছৰি প্ৰতিজন ব্যক্তিৰ বাবে ১৪৬ কিলোগ্ৰামৰ নিৰ্দিষ্ট পৰিমাণতকৈ বেছি ।
ইয়াৰ পিছতো ফল-মূল আৰু শাক-পাচলিৰ এটা উল্লেখযোগ্য অংশ ৩০-৩৫ শতাংশ নষ্ট হয়প্ৰাকৃতিক ভাৱে । লগতে চপোৱা, সংৰক্ষণ, পৰিবহণ,আৰু পেকেজিঙৰ ক্ষেত্ৰত অদক্ষতাৰ বাবে। এই লোকচানে এই সামগ্ৰীসমূহৰ সামগ্ৰিক ব্যৱহাৰত প্ৰভাৱ পেলায়।
প্ৰতিবেদনত কোৱা হৈছে যে মূলতঃ খাদ্যৰ মূল্যৰ দ্বাৰা পৰিচালিত মুদ্ৰাস্ফীতি ২০২৫ চনৰ সমগ্ৰ বিত্তীয় বৰ্ষৰ বাবে গড়ে ৪.৮ শতাংশ হোৱাৰ সম্ভাৱনা আছে । ইন্ধনৰ মূল্য মধ্যমীয়া হোৱাৰ পিছতো খাদ্যৰ মূল্যই মুদ্ৰাস্ফীতিৰ প্ৰধান চালক হৈয়ে আছে।
মধ্যম আৰু উচ্চ আয়ৰ ৰাজ্যসমূহত কম আয়ৰ ৰাজ্যৰ তুলনাত যোৱা দশকত খাদ্যৰ মুদ্ৰাস্ফীতি দ্ৰুতগতিত হ্ৰাস পাইছে। কৃষিৰ লগত জড়িত নোহোৱা শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ফলত খাদ্যৰ মুদ্ৰাস্ফীতিৰ ওপৰত নূন্যতম প্ৰভাৱ পৰে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে। অকৃষি শ্ৰমিকৰ গড় দৈনিক মজুৰিৰ হাৰ আৰু গ্ৰাম্য মুদ্ৰাস্ফীতিৰ মাজত বিশেষ সম্পৰ্ক দেখা পোৱা নাই। ইয়াৰ পৰা বুজা যায় যে মজুৰি বৃদ্ধিয়ে খাদ্যৰ মূল্য বৃদ্ধিত বিশেষ অৰিহণা যোগোৱা নাই।