ডিজিটেল সংবাদ, বকোঃ অসমৰ দুখন গাঁৱৰ ৰাইজে তীব্ৰ বিৰোধীতা কৰি মেঘালয় ৰাজ্যৰ চৰকাৰ আৰু প্ৰশাসনৰ নিদ্ৰা হৰণ কৰিছে । এনে বিৰোধীতা কৰা লোকক অসমবিদ্বেষী চক্ৰই মাৰধৰ পৰ্যন্ত কৰিবলৈ আৰম্ভ কৰিছে । শেহতীয়াকৈ মেঘালয়ৰ আগ্ৰাসন প্ৰতিৰোধ কৰাৰ বাবে বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত শালপাৰা আৰু ছয়গাঁও বিধান সভাসমষ্টিৰ অন্তৰ্গত উমথলী নামৰ গাঁও দুখন মেঘালয়ৰ আৰক্ষী-প্ৰশাসনৰ লগতে অসমবিদ্বেষী চক্ৰটোৰ প্ৰত্যাহ্বান হৈ পৰিছে ।
জানিব পৰা মতে বকো থানাৰ অন্তৰ্গত মালাঙকোনৰ শালবাৰী গাঁৱখন অসমবিদ্বেষী চক্ৰ এটাই মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল কৰাৰ বাবে অহৰসহ ষড়যন্ত্ৰ চলাই আহিছে । অসমবিদ্বেষী চক্ৰটোৰ এনে ষড়যন্ত্ৰৰ বিৰোধীতা কৰাৰ বাবে যোৱা নিশা গাঁৱখনৰ ড্ৰিচিলা চাংমা (৩৫) আৰু উনলীচ চাংমা (৪৫) নামৰ মহিলা দুগৰাকীক অসমবিদ্বেষী চক্ৰটোৱে বেয়াকৈ মাৰধৰ কৰে । অভিযোগ মতে দুয়োগৰাকী মহিলাক তেওঁলোকৰ নিজ নিজ ঘৰৰ সন্মুখতে প্ৰথমে চুলিত ধৰি বগৰাই দিয়ে।
পিচত ঘুচিয়াই -গুৰিয়াই মাৰধৰ কৰে । মহিলা দুগৰাকীয়ে গাঁৱখনৰ অইন অইন লোকৰ লগতে কোনো কাৰণতে মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰত চামিলৰ বিৰোধীতা কৰি আহিছিল। আজি ৰাতিপুৱা গাৰো জাতীয় পৰিষদ নামৰ সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ সভাপতি এনিন্দ্ৰ মাৰাক আৰু সম্পাদক চেঙজান চাংমাসহ এটা দলক লগত লৈ বকো থানাত এজাহাৰ দাখিল কৰে । মহিলা দুগৰাকীয়ে অসমবিদ্বেষী চক্ৰটোৰ চাৰিগৰাকী লোক ক্ৰমে – হাণ্ডি চাংমা , মনিষা চাংমা, ইলমিক চাংমা আৰু ৰেলগিচ চাংমাৰ বিৰুদ্ধে বকো থানাত এজাহাৰ দাখিল কৰিছে ।
মহিলা দুগৰাকীয়ে মেঘালয় ৰাজ্যৰ চিমনাগুৰীত থকা মেঘালয় আৰক্ষী চকীৰ আৰক্ষীয়ে অসমবিদ্বেষী চক্ৰটোক অসমৰ লোকক অত্যাচাৰ চলাবলৈ উচটনি দি আহিছে বুলি অভিযোগ কৰিছে। মহিলা দুগৰাকীয়ে কোনো কাৰণতে অসমবিদ্বেষী চক্ৰৰ ওচৰত আঠু নলয় বুলি স্পষ্ট কৰি দিছে ।ইতিমধ্যে ছয়গাঁও বিধান সভাসমষ্টিৰ আৰু বকো থানাৰ অন্তৰ্গত উমথলী গাঁৱত অসমবিদ্বেষী চক্ৰই মেঘালয়ৰ চাইনব'ৰ্ড লগাইছিল।গাঁৱখনৰ ৰাইজে সহসেৰে আৰক্ষীক ঘটনা সন্দৰ্ভত জনাই মেঘালয় চাইনব'ৰ্ড সমূহ ভাঙি পেলোৱাত সম্পূৰ্ণ সহযোগ কৰিছল। দুয়োখন গাঁৱৰ ৰাইজে মেঘালয়ৰ আগ্ৰাসন সহসেৰে প্ৰতিৰোধ কৰি আহিছে ।
অসমবিদ্বেষী চক্ৰই মাৰধৰ কৰা বকোৰ মহিলা দুগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে বকো আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে । আনহাতে গাৰো জাতীয় পৰিষদৰ সভাপতি এনিন্দ্ৰ মাৰাক আৰু সম্পাদক চেঙজান চাংমাই আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ সমালোচনা কৰিছে । অসমবিদ্বেষী চক্ৰটোৱে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত বসবাস কৰা ৰাইজক নিৰ্যাতন চলাই অহাৰ পিছতো আৰক্ষীয়ে অপৰাধীক কি কাৰণত গ্ৰেপ্তাৰ কৰা নাই সেয়াহে তেওঁলোকে বুজা নাই বুলি আৰক্ষীৰ বিৰুদ্ধে মন্তব্য কৰিছে । পৰৱৰ্তী পৰ্যায়ত অৱশ্যে সীমান্তত নিৰ্যাতনৰ বলিহৈ অহা ঘটনা সন্দৰ্ভত আৰক্ষী-প্ৰশাসনৰ উচ্চপৰ্যায়ৰ কাষ চাপিব বুলি বিষয়ববীয়া দুগৰাকীয়ে জানিবলৈ দিছে ।
উল্লেখযোগ্য যে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলৰ বকো, ছয়গাঁও , পলাশবাৰী আৰু পশ্চিম গুৱাহাটী বিধান সভাসমষ্টিৰ অসম আৰু মেঘালয় সীমান্তৰ অসমৰ গাঁৱবোৰত অসমবিদ্বেষী চক্ৰই আগ্ৰাসন চলোৱাৰ নামত অসমীয়া লোকক নিৰ্যাতন চলাই আহিছে । অসমৰ ভৌগোলিক সীমাৰ ৫ কিলোমিটাৰো অধিক সীমাৰ ভিতৰলৈ সোমাই আহি অসমৰ ভূমি আগ্ৰাসন চলোৱাৰ নামত এনেদৰে অসমৰ লোকক নিৰ্যাতনে শেহতীয়াকৈ চুড়ান্ত ৰূপ পাইছে