/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/433f9b26-5f53-426c-9686-131fa8661f00.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰি ৰাজ্যৰ সৰ্বদিশতে সৰ্বাঙ্গীণ উন্নয়নৰ ঢ়াকঢ়োল বজাই থকাৰ মাজতে আজি কপিলী উন্নয়ন খণ্ডৰ বৰভগীয়া গাঁও পঞ্চায়তত দেখা গ'ল উন্নয়নৰ এখন নগ্ন ছবি ৷
আজি কপিলী উন্নয়ন খণ্ডৰ অন্তগ'ত বৰভগীয়া গাঁও পঞ্চায়তৰ দুটাকৈ আত্মসহায়ক গোট ক্ৰমে শঙ্কৰ মাধৱ আত্মসহায়ক গোট আৰু স্বামী বিবেকানন্দ আত্মসহায়ক গোটৰ উদ্যোগত বৰভগীয়াৰ পুৰুষ মহিলা সমন্নিতে উলাই আহি হাতত কোৰ , কটাৰী লৈ মেৰামতি কৰিলে পঞ্চায়ত খনৰ ১২ টাকৈ জৰাজীৰ্ণ পথ ৷
উল্লেখ যে বিগত বছৰ বছৰ ধৰি বৰভগীয়া গাঁও পঞ্চায়তৰ জন প্ৰতিনিধি সকলে পঞ্চায়ত খনৰ এলেকাৰ গ্ৰাম্য পথ সমূহ মেৰামতি নকৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত চৰম দূৰ্ভোগ ভুগি আহিব লগা হৈছে পঞ্চায়ত বাসী ৷ পথ সমূহ মেৰামতি অথবা নিৰ্মাণ নকৰাৰ ফলতে সামান্য এজাক বৰষুণ পৰিলেই গৃহবন্দী হৱ লগা হয় জনসাধাৰণ ৷
ঠায়ে ঠায়ে কিছু পথ পুখুৰীৰ সদ্দিস গাত সৃষ্টি হোৱাৰ ফলত বিদ্যালয়লৈ যাব নোৱাৰা হয় ছাত্ৰছাত্ৰী ৷ এই ক্ষেত্ৰত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা বৰভগীয়া গাঁও পঞ্চায়তৰ প্ৰতিনিধিয়ে এই পথ সমূহৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাত আজি দুয়োটা আত্মসহায়ক গোটৰ উদ্যোগত বৰভগীয়া গাঁৱৰ পুৰুষ মহিলা উলাই আহি বৃহত বৰভগীয়া গাঁও খনৰ ১২ টাকৈ জৰাজীৰ্ণ হৈ থকা পথ মাটি পোৰণ কৰি মেৰামতি কৰে ৷