/asomiyapratidin/media/media_files/2026/01/08/hdfdfdsfsdf-2026-01-08-23-11-30.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ আজি ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰমিলা গাওঁ পঞ্চায়ত প্ৰেক্ষাগৃহত অসম গণ পৰিষদৰ এখনি যোগদান কাৰ্যসূচী সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি বিষ্ণু দাসৰ উপস্থিতিত অৰ্ধ শতাধিক লোকে বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি অসম গণ পৰিষদত আনুষ্ঠানিক ভাৱে যোগদান কৰে।
প্ৰমিলা আঞ্চলিকৰ অগপৰ সভাপতি মুজিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত উপস্থিত থাকে ৰহা বিধান পৰিষদৰ সমষ্টি সমিতিৰ সভাপতি গোবিন্দ শৰ্মা, সম্পাদক অপূৰ্ব বৰা, সাংগঠনিক সম্পাদক ৰাজেন্দ্ৰ প্ৰসাদ দাস, সহ সম্পাদক প্ৰসন্ন দাস,মাধৱপাৰা মণ্ডলৰ সভাপতি আবুল কালাম আজাদ, চাপৰমুখ মণ্ডলৰ সভাপতি ৰবিন বৰুৱা, ৰহা সমষ্টিৰ অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি ইমৰান হুছেইন সহ অগপৰ বহু জ্যেষ্ঠ কৰ্মী।
উক্ত সভাত অগপৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি বিষ্ণু দাসে ৰহা সমষ্টিত পূৰ্বেতকৈ অসম গণ পৰিষদৰ ভেটি মজবুত হৈছে বুলি মন্তব্য কৰে। ভেটি মজবুত হোৱাৰ পৰিপ্ৰেক্ষিতত অগপ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বহু লোকে যোগদান কৰে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us