বিহাৰৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধনক লৈ বিতৰ্কঃ নিৰ্বাচন আয়োগৰ গুৰুতৰ অভিযোগ....

বিহাৰ বিধানসভা নিৰ্বাচনলৈ কেইটামান মাহ বাকী থকাৰ সময়ত ৰাজ্যখনৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধনক হৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে। তাৰ মাজতেই আয়োগে সদৰি কৰিছে এক ভয়কৰ তথ্য। 

author-image
Tushar Pratim
New Update
বিহাৰৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধনক লৈ বিতৰ্কঃ নিৰ্বাচন আয়োগৰ গুৰুতৰ অভিযোগ....

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান মাহ। তাৰ পূৰ্বে ৰাজ্যখনৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধনক হৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে। তাৰ মাজতেই নিৰ্বাচন আয়োগে সদৰি কৰিছে এক ভয়কৰ তথ্য। 

Advertisment

নিৰ্বাচন আয়োগৰ মতে বিহাৰৰ ভোটাৰ তালিকাত বাংলাদেশ, নেপাল আৰু ম্যানমাৰৰ নাগৰিকৰো নাম সন্নিৱিষ্ট হৈ আছে। নিৰ্বাচন আয়োগৰ সূত্ৰৰ আধাৰত এ এন আই, পি টি আইৰ দৰে সংবাদ সংস্থাই এই খবৰ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, চলিত বছৰৰ শেষত বিহাৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। তাৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া চলি আছে। ইয়াৰ বিৰোধিতাৰে বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়াত উপনীত হৈছে।

তাৰ মাজতেই নিৰ্বাচন আয়োগৰ উৰ্ধৃতিৰে সংবাদ সংস্থা দুটাই প্ৰকাশ কৰা বাতৰিত উল্লেখ কৰিছে যে, ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ তথা সংশোধনৰ সময়ত বুথ পৰ্যায়ৰ বিষয়াসকলে নেপাল, বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা বৃহৎ সংখ্যক ভোটাৰৰ উপস্থিতি ধৰা পেলাইছে। সেইসকল বিদেশী লোকৰ হাতত আছে আধাৰ কাৰ্ড, ডমিচাইল চাৰ্টিফিকেট, ৰেচন কাৰ্ড আদি।

কিয় কৰা হৈছে ভোটাৰ তালিকাৰ নিবিড় সংশোধন?

দেশৰ নিৰ্বাচন আয়োগে বিভিন্ন ৰাজ্যৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধন কৰি আহিছে। বিহাৰৰ ক্ষেত্ৰত ২০০৩ চনতে অন্তিমবাৰৰ বাবে এনে নিবিড় পুনৰীক্ষণ বা সংশোধন কৰা হৈছিল।

এই প্ৰক্ৰিয়াত বুথ পৰ্যায়ৰ বিষয়াসকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি-পত্ৰ পৰীক্ষা কৰে। বিহাৰত এইবাৰ ৭৮ হাজাৰ বুথ পৰ্যায়ৰ বিষয়াই এই প্ৰক্ৰিয়া চলাই আছে। এই নথি-পত্ৰপ প্ৰাৰম্ভিক পৰীক্ষণৰ অন্তত আয়োগে অহা আগষ্ট মাহত ভোটাৰ তালিকাত অযোগ্য বিবেচিত ব্যক্তিসকলৰ বিৰুদ্ধে তদন্ত কৰিব।

সেই তদন্তত যদি কোনো ব্যক্তি পুনৰ ভোটাৰৰ বাবে অযোগ্য হিচাপে বিবেচিত হয় তেন্তে তেওঁৰ নাম চূড়ান্ত ভোটাৰ তালিকাৰ পৰা বাদ পৰিব। অহা ৩০ ছেপ্টেম্বৰত প্ৰকাশ পাব এই সংশোধিত ভোটাৰ তালিকা। প্ৰাপ্ত তথ্য অনুসৰি ১২ জুলাই শনিবাৰলৈকে বিহাৰৰ ৮০ শতাংশতকৈ অধিক ভোটাৰে তেওঁলোকৰ প্ৰ-পত্ৰ জমা দিছে। 

ভোটাৰ তালিকাৰ নিবিড় সংশোধনৰ সময়ত প্ৰয়োজন মুঠ ১১ খন নথিৰ

যোৱা জুন মাহত দেশৰ নিৰ্বাচন আয়োগে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছিল যে, যিসকল ভোটাৰৰ নাম ২০০৩ চনৰ ভোটাৰ তালিকাত আছিল তেওঁলোকে মাত্ৰ এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। 
অৱশ্যে সেই তালিকাত নাম নথকা আৰু ১৯৮৭ চনৰ ১ জুলাইৰ আগত জন্মগ্ৰহণ কৰাসকলৰ বাবে জন্মস্থান আৰু জন্মৰ প্ৰমাণ পত্ৰ দিব লাগিব।

১৯৮৭ চনৰ ১ জুলাইৰ পৰা ২০০৪ চনৰ ২ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰাসকলে নিজৰ নথি-পত্ৰৰ সৈতে পিতৃ-মাতৃৰ যিকোনো এজনৰ নথি-পত্ৰ জমা দিব লাগিব। তাৰ পিছত জন্ম লোৱাসকলে নিজৰ নথি-পত্ৰৰ লগতে পিতৃ-মাতৃ উভয়ৰে নথি-পত্ৰ জমা দিব লাগিব।

'ভাৰত জোড়ো অভিযান'ৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সমন্বয়ক কামায়নী স্বামীয়ে সংবাদ সংস্থা বি বি চিৰ আগত অভিযোগ কৰি কয় যে,, "নিৰ্বাচন আয়োগে যি ১১খন নথি-পত্ৰ বিচাৰিছে, সেইখিনি ৰাইজৰ এক বৃহৎ অংশৰ হাতত নাই। আঠখন জিলাৰ ১২টা বিধানসভা সমষ্টিত এটা ক্ষুদ্ৰ সমীক্ষা কৰাত দেখা গৈছিল যে, ৬৩ শতাংশ লোকৰ হাতত সেই নথি-পত্ৰ নাই।"

গুৰুত্বপূৰ্ণ কথাটো হৈছে, চৰকাৰৰ নিজৰ তথ্য অনুসৰিয়েই নিৰ্বাচন আয়োগে যিসমূহ নথি বিচাৰিছে সেইসমূহ নথি বহু মানুহৰ হাততেই নাই। ২০২২ চনত বিহাৰত হোৱা জাতিগত পিয়ল অনুসৰি বিহাৰৰ ১৪ শতাংশইহে দশম শ্ৰেণী উত্তীৰ্ণ হৈছে।

আন এক ডাঙৰ সমস্যা হৈছে এই সময়ত বিহাৰৰ বেছিভাগ শ্ৰমিকেই এতিয়া বিহাৰৰ বাহিৰত। কোনোবা যদি পঞ্জাৱলৈ খেতিৰ কামত গুছি গৈছে আন কোনোবা নিজৰ খেতি পথাৰত ব্যস্ত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰিয়েই বিহাৰৰ ২১ শতাংশ ভোটাৰ বিহাৰৰ বাহিৰত থাকে। এইসকল মানুহে কিদৰে নথি যোগাৰ কৰি এই প্ৰক্ৰিয়াত অংশ ল’ব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

বিজেপিৰ মতে কাম কৰিছে নিৰ্বাচন আয়োগেঃ বিৰোধীৰ অভিযোগ 

ভোটাৰ তালিকাৰ নিবিড় পুনৰীক্ষণৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। আনহাতে, নিৰ্বাচন আয়োগে প্ৰকৃততে বিজেপিৰ হেঁচাত কাম কৰি আছে বুলিও অভিযোগ উত্থাপন কৰিছে। বিহাৰৰ পিছত ২০২৬ চনত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহতো একেধৰণৰ বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়া চলিব পাৰে বুলিও ইংগিত পোৱা গৈছে।

সেই ৰাজ্যসমূহৰ ভিতৰত পশ্চিম বংগও অন্যতম। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে নিৰ্বাচন আয়োগে বিজেপিৰ নিৰ্দেশমৰ্মে কাম কৰি প্ৰকাৰন্তৰে এন আৰ চিৰ প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে। এই পৰ্যন্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) কেৱল অসমতে কাৰ্যকৰী কৰা হৈছে। 

অসমত এন আৰ চিৰ যিখন চূড়ান্ত তালিকা প্ৰকাশ পাইছিল, সেই তালিকাত দেখা গৈছিল যে তাত প্ৰায় ১৯ লাখ লোকে ভোটাধিকাৰ হেৰুৱাইছিল। ইয়াৰে বিপুল সংখ্যক হিন্দু নাগৰিক আছিল। কিন্তু এন আৰ চিৰ তথ্য অসম চৰকাৰে মানি লোৱা নাছিল। অসমৰ এন আৰ চি প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ নথি-পত্ৰ দেখুৱাব লগা হৈছিল।

জে ডি ইউৰ নেতা তেজস্বী যাদৱে কয় যে,  ভোটাৰ তালিকাত বাংলাদেশ, নেপাল, ম্যানমাৰৰ নাগৰিকৰ উপস্থিতিৰ তথ্য সূত্ৰৰ পৰা পাইছিল। এইটো কোনো উৎস নহয়। সমগ্ৰ 'নিবিড় পুনৰীক্ষণ' প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে যদিও আয়োগে ৮০ শতাংশ লোকৰ প্ৰ-পত্ৰ জমা দিয়া হৈছে বুলি দাবী কৰিছে, "মই এতিয়াও নিজৰ প্ৰ-পত্ৰ জমা দিয়া নাই। প্ৰ-পত্ৰবোৰ ইফালে সিফালে সিঁচৰতি হৈ আছে। কিছুমান ঠাইত সেই প্ৰ-পত্ৰৰে জেলেপি বিক্ৰী কৰা হৈছে।"

তেওঁৰ মতে, এই পুনৰীক্ষণ প্ৰক্ৰিয়াত যদি এক শতাংশ লোকৰ নামো ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হয়, তেন্তে ইয়াৰ অৰ্থ হৈছে প্ৰায় আঠ লাখ লোকে ভোটাধিকাৰ হেৰুৱাব।

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী কপিল ছিবালৰ মতে নিবিড় সংশোধনীৰ সমগ্ৰ প্ৰক্ৰিয়াটোক অসাংবিধানিক। পিটিআইৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে নিৰ্বাচন আয়োগৰ কাৰোবাৰ নাগৰিকত্ব নিৰ্ণয় কৰাৰ কোনো অধিকাৰ নাই। তেওঁ কয়, "মোৰ মতে সম্পূৰ্ণ অসাংবিধানিক প্ৰক্ৰিয়াৰে এই কাম চলি আছে। নাগৰিকত্ব সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ কোনো অধিকাৰ আয়োগৰ নাই। তেওঁ অভিযোগ কৰি কয় যে, তেওঁলোকে (বিজেপি) ভোট লাভৰ বাবে যিকোনো পদ্ধতি ব্যৱহাৰ কৰিব। এই বিশেষ নিবিড় সংশোধনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ উদ্দেশ্য হৈছে ভৱিষ্যতে সংখ্যাগৰিষ্ঠ দলৰ চৰকাৰ গঠন কৰা।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে, যদি আপুনি দুখীয়া, প্ৰান্তীয় লোক, আৰু খিলঞ্জীয়াক বাদ দিয়ে তেন্তে সংখ্যাগৰিষ্ঠ চৰকাৰ এখন ক্ষমতাত থকাটো বিচৰা দলটোৱে সদায় জয়ী হ’ব।

বিজেপিৰ প্ৰতিক্ৰিয়া

বিহাৰৰ ভোটাৰ তালিকাৰ ‘বিশেষ নিবিড় সংশোধন’ প্ৰক্ৰিয়াক লৈ বিৰোধী দলে একত্ৰিতভাৱে ইয়াৰ বিৰোধিতা কৰাৰ সময়ত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন আয়োগৰ পক্ষ লৈছে। ভোটাৰ তালিকাত বৃহৎ সংখ্যক বাংলাদেশী, নেপালী আৰু ম্যানমাৰৰ নাগৰিকৰ নাম পোৱা বুলি নিৰ্বাচন আয়োগে জনোৱাৰ পিছত বিজেপিয়ে কয় যে ‘আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ভাগ্য কেৱল বিহাৰীয়েহে নিৰ্ধাৰণ কৰিব। বিদেশী বা অনুপ্ৰৱেশকাৰীয়ে নহয়।’

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বাহনৱাজ হুছেইনে সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি "ভোটাৰ তালিকাত পুনৰীক্ষণৰ ক্ষেত্ৰত বিহাৰবাসী আৰু আইনী ভোটাৰ কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। কিন্তু নেপাল, ম্যানমাৰ বা বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰী আৰু বিদেশীসকলৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰে।"

দলটোৰ আন এগৰাকী ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱাল্লাই কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলক লক্ষ্য কৰি কয় যে সেই দলসমূহে তেওঁলোকৰ শাসন কালত বিভিন্ন দেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক সংস্থাপন কৰিছিল।তেওঁলোকক বিভিন্ন ধৰণৰ পৰিচয় পত্ৰ দিয়া হৈছিল। এতিয়া তেওঁলোকক বিচাৰি উলিওৱা হৈছে। সংবিধান অনুসৰি কেৱল ভাৰতৰ নাগৰিকেহে ভোটাধিকাৰ লাভ কৰাটো নিশ্চিত কৰা হৈছে।"

বিজেপিৰ সাংসদ সঞ্জয় জয়ছৱালে বিবিচিৰ আগত কয়, "ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়াৰ কথা চৰ্চা হৈছে। কিন্তু প্ৰশ্ন হৈছে বিদেশৰ নাগৰিকে ভোট দিব লাগে নে নাই? তেওঁ কয়, যিসকল বাহিৰৰ মানুহ সেইসকলেই সমস্যাত পৰিছে। বিহাৰী আৰু ইয়াত বসবাস কৰা লোকসকলৰ কোনো সমস্যা নাই।"

 

বিহাৰ নিৰ্বাচন আয়োগ