মিছামাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ৰাইজৰ গৰ্জন

ক্ষমতাই মূৰত ধৰিছে ছয়দুৱাৰৰ মিছামাৰী গা‍ঁও পঞ্চায়তৰ পঞ্চায়ত সভাপতি দেৱ কান্ত শৰ্মাৰ।ৰাইজ প্ৰদত্ত শক্তিক অপব্যৱহাৰ কৰি নিজ খেয়ালখুচি মতে পঞ্চায়তৰ কাম কাজ ৰূপায়ণ কৰা দেৱ কান্ত শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে

author-image
Asomiya Pratidin
New Update
408

ডিজিটেল সংবাদ, গহপুৰ : ক্ষমতাই মূৰত ধৰিছে ছয়দুৱাৰৰ মিছামাৰী গা‍ঁও পঞ্চায়তৰ পঞ্চায়ত সভাপতি দেৱ কান্ত শৰ্মাৰ।ৰাইজ প্ৰদত্ত শক্তিক অপব্যৱহাৰ কৰি নিজ খেয়ালখুচি মতে পঞ্চায়তৰ কাম কাজ ৰূপায়ণ কৰা দেৱ কান্ত শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে পঞ্চায়তটোৰ একাংশ বিজেপি কৰ্মী, ৱাৰ্ড সদস্যৰ লগতে স্থানীয় ৰাইজ।

উল্লেখযোগ্য যে-বৰ্তমানৰ মিছামাৰী গাঁও পঞ্চায়তৰ কাৰ্য্যলয়টো পূৰ্বতে হেলেম গাঁও পঞ্চায়ত হিচাপে পৰিচিত আছিল। সেয়া আছিল ১৯৭৭-৭৮ চনৰ কথা। অঞ্চলটোৰ গমিৰি, আমতলা,মিছামাৰী, হেলেম, টকৌবাৰী আৰু কাৰিবিল এলেকা সামৰি গঠন হোৱা সেই সময়ৰ হেলেম গাঁও পঞ্চায়তৰ প্ৰথমগৰাকী পঞ্চায়ত সভাপতি আছিল গন্ধেশ্বৰ কাৰ্ডং।

পৰৱৰ্তী সময়ত ১৯৯১ চনত হেলেম গাঁও পঞ্চায়ত কাৰ্য্যলয়টো মিছামাৰী গাঁও পঞ্চায়ত হিচাপে নামাকৰণ হয়। অসম চৰকাৰৰ তদানীন্তন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গনেশ কুটুমৰ কাৰ্য্যকালত ৰূপায়ণ হোৱা পঞ্চায়ত সম্প্ৰসাৰণৰ সময়ত পূৰ্বৰ হেলেম গাঁও পঞ্চায়তৰ কাৰ্য্যলয়ত আৰু অধিক গাঁও অন্তৰ্ভুক্তিৰে ১৯৯১ চনত নতুনকৈ মিছামাৰী গাঁও পঞ্চায়ত গঠন কৰা হৈছিল। 

গন্ধেশ্বৰ কাৰ্ডংৰ দৰে এগৰাকী পুৰোধা ব্যক্তিৰ স্মৃতি বিজড়িত প্ৰায় ৪৫/৪৭ বছৰ পুৰণি উক্ত পঞ্চায়ত কাৰ্য্যলয় গৃহটিৰ এক ইতিহাস আছে যদিও সেই ইতিহাস আৰু স্থানীয় ৰাইজৰ আবেগ অনুভূতিক যেন ভৰিৰে মোহাৰি পেলালে মিছামাৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱ কান্ত শৰ্মাই। অভিযোগ অনুসৰি-কোনো আনুষ্ঠানিক সিদ্ধান্ত অবিহনে সভাপতি দেৱ কান্ত শৰ্মাই নিজ খেয়ালখূচি মতে ভাঙি চূৰ মাৰ কৰি পেলালে প্ৰতিষ্ঠাকালৰ বহু স্মৃতি বিজড়িত উক্ত পঞ্চায়ত গৃহৰ কাৰ্য্যলয়টো।

কেৱল ইমানেই নহয় ভাঙি পেলোৱা পুৰণি গৃহটোৰ আচবাব চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তাৰাবীৰ কাৰ্কীক দহ হাজাৰ টকাত বিক্ৰীও কৰিলে দেৱ কান্ত শৰ্মাই। ক্ষমতাৰ ৰাগীত বলীয়ান হৈ পঞ্চায়ত সভাপতি গৰাকীয়ে এটা চৰকাৰী সম্পত্তিৰ ওপৰত এনেদৰে আধিপত্য বিস্তাৰ কৰাত স্বয়ং বিজেপি নেতা কৰ্মীৰ মাজতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

তেওঁৰ এই কাৰ্য্যক সহজভাৱে ল'ব পৰা একাংশ ৱাৰ্ড সদস্য-সদস্যাৰ লগতে বুথ সভাপতিয়ে। ইপিনে ৰাজহুৱা সভাৰ জৰিয়তে উক্ত সিদ্ধান্ত গ্ৰহণ নকৰাত মিছামাৰী গাঁও পঞ্চায়তৰ গৰিষ্ঠ সংখ্যক ৰাইজে তেওঁৰ এই কাৰ্য্যক ধিক্কাৰ জনোৱা পৰিলক্ষিত হৈছে ।

পঞ্চায়তটোৰ ৰাইজে তেওঁৰ এই কাৰ্য্যৰ বিৰুদ্ধে এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰি উক্ত আপত্তিজনক বিষয়টো বিশ্বনাথ জিলাৰ আয়ুক্ত, গহপুৰ সমজিলাৰ আয়ুক্ত আৰু ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিছে।

গহপুৰ ছয়দুৱাৰ