চিলাপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে পেনচাক চিলেট সমৰকলা কেন্দ্ৰই

ৰাজ্যিক স্তৰৰ পেনচাক চিলেট ব্ৰহ্মপুত্ৰ কাপ ২০২৫ ত সুদক্ষ ক্ৰীড়া কৌশল প্ৰদৰ্শনেৰে ৰাজ্যৰ ২৮ খন জিলাৰ ভিতৰত বেষ্ট টিমৰ মুকুট পিন্ধিবলৈ সক্ষম হয় চিলাপথাৰৰ দলেটোৱে

author-image
Asomiya Pratidin
New Update
66

ডিজিটেল সংবাদ, চিলাপথাৰ : যোৱা ২৫ আৰু ২৬ অক্টোবৰত শিৱসাগৰৰ জয়সাগৰ তলাতল ঘৰ প্ৰাংগণত শিৱসাগৰ পেনচাক চিলেট সংঘৰ দ্বাৰা আয়োজিত ৰাজ্যিক স্তৰৰ পেনচাক চিলেট ব্ৰহ্মপুত্ৰ কাপ ২০২৫ ত সুদক্ষ ক্ৰীড়া কৌশল প্ৰদৰ্শনেৰে ৰাজ্যৰ ২৮ খন জিলাৰ ভিতৰত বেষ্ট টিমৰ মুকুট পিন্ধিবলৈ সক্ষম হয় চিলাপথাৰৰ দলেটোৱে। ৪৬ টা স্বৰ্ণ,৩৬ টা ৰূপ আৰু ২৭টা ব্ৰঞ্জৰ পদকেৰে উজলি উঠে দলটো।

অত্যন্ত জৰাজীৰ্ণ প্ৰশিক্ষণ কেন্দ্ৰত সুদক্ষ প্ৰশিক্ষক ওম চন্দ্ৰ ছেত্ৰীৰ তত্বাৱধানত থকা খেলুৱৈয়ে পূৰ্বৰে পৰা দেখুৱাই আহিছে বিশেষ সফলতা। কৃতি খেলুৱৈ আৰু প্ৰশিক্ষকক সোমবাৰে ৰাইজে জনাই উষ্ণ সম্বৰ্ধনা।

খেলুৱৈসকলৰ উপযোগীকৈ প্ৰশিক্ষণ কেন্দ্ৰটো নিৰ্মাণ কৰি দিবলৈ চৰকাৰক আহ্বান জনাই কাৰ্যকৰ্তাসকলে।

চিলাপথাৰ