Advertisment

ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা ২০২৪ঃ অসমলৈ ৪০টা পদক...

ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা ২০২৪ৰ আজি সামৰণি পৰে। উক্ত প্ৰতিযোগিতাখন ১৬ ৰ পৰা ২২ নৱেম্বৰলৈকে ৭দিনিয়াকৈ অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদঃ  ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা ২০২৪ৰ আজি সামৰণি পৰে। উক্ত প্ৰতিযোগিতাখন ১৬ ৰ পৰা ২২ নৱেম্বৰলৈকে ৭দিনিয়াকৈ অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছিল।

Advertisment

প্ৰতিযোগিতাখনত অসমৰ ২২গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ'ল' বিভাগত প্ৰতিযোগিতা আগবঢ়াই ১৭ টা সোণ, ১৫ টা ৰূপ আাৰু ৮ টা ব্ৰঞ্জৰ পদকসহ মুঠ ৪০টা পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।

দেশৰ ৩৬ ৰাজ্যৰ মুঠ ১২৫৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় পেন্‌চাক চিলাট প্ৰতিযোগিতাখনিত অসমৰ হৈ গোলাঘাটৰ অচ্যুমান বৰচেতীয়াই দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ দপক, অনন্যা শইকীয়াই দুটা সোণ, এটা ৰূপ, বদ্ৰীয়া গগৈয়ে তিনিটাকৈ সোণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জ, অচ্যুত বড়োৱে দুটা ৰূপ, প্ৰেৰণা হাজৰিকাই এটা সোণ, ৰিম্পী গগৈয়ে দুটা সোণ আৰু এটা ব্ৰঞ্জ অৰ্জন কৰে।

সমান্তৰালকৈ মনিকা বড়োৱে এটা ব্ৰঞ্জ, প্ৰিঞ্চজ্যোতি চুতীয়াই দুটা ৰূপ আৰু দুটা ব্ৰঞ্জ, তিতাবৰৰ ৰিটিচা শইকীয়াই দুটা সোণ, উদিপ্ত হাজৰিকাই দুটাকে ৰূপ, ৰাজ দাসে এটা ৰূপ, বৈষ্ণৱী কচাৰীয়ে এটা ৰূপ আৰু এটা ব্ৰঞ্জ আৰু গোৱালপাৰা জিলাৰ দিবাকৰ ৰাভাই সোণ লাভ কৰে।

ইফালে ওদালগুৰিৰ জেউতি বড়োৱে সোণ, ধেমাজী জিলাৰ লিজা চুতীয়াই সোণ, মহন কলিতাই এটা সোণ আৰু এটা ৰূপ, নাৰায়ন বিশ্বকৰ্মাই সোণ, কৃষ্ণ কান্ত টায়ে ৰূপ, বিঞ্জুমায়া চেত্ৰীয়ে ৰূপ আৰু তনজ্যোতি সোণোৱালে ৰূপৰ পদক লাভ কৰে বুলি অসম পেনচাক চিলাট সন্থাৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

পেনচাক চিলাট প্ৰতিযোগিতা