Advertisment

পেমা খান্ডুক সাক্ষাৎ উত্তৰ পূব পৰিষদৰ সদস্য লংকি ফাংচ'ৰ

পেমা খান্ডুৰ সৈতে চৰকাৰী বাসভৱনত ৰাজ্যখনৰ বিভিন্ন জিলাত ৰূপায়ণ হৈ থকা ভাৰত চৰকাৰৰ জনকল্যাণমুখী আঁচনি সমূহৰ উত্তৰ পূব পৰিষদৰ জৰিয়তে আবন্টন হোৱা কামৰ অগ্ৰগতি সন্দৰ্ভত বিতংকৈ পৰ্যালোচনা কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,হাওৰাঘাট: ভাৰত চৰকাৰৰ অধীনস্থ উত্তৰ পূব পৰিষদৰ শ্বিলংস্থিত ডনাৰ মন্ত্ৰণালয়ৰ সদস্য তথা অৱসৰপ্ৰাপ্ত আই এ এচ বিষয়া লংকি ফাংচ সঁহ টেনজিং নৰবু থংদকে ইটানগৰত উপস্থিত হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খান্ডুক সাক্ষাৎ কৰে।

Advertisment

পেমা খান্ডুৰ সৈতে চৰকাৰী বাসভৱনত ৰাজ্যখনৰ বিভিন্ন জিলাত ৰূপায়ণ হৈ থকা ভাৰত চৰকাৰৰ জনকল্যাণমুখী আঁচনি সমূহৰ উত্তৰ পূব পৰিষদৰ জৰিয়তে আবন্টন হোৱা কামৰ অগ্ৰগতি সন্দৰ্ভত বিতংকৈ পৰ্যালোচনা কৰে ৷

তাৰোপৰি ৰাজ্যখনত ভাৰত চৰকাৰৰ বিভিন্ন প্ৰকল্পৰ দ্বাৰা প্ৰতিখন জিলাৰ সৰ্বসাধাৰণ ৰাইজ উপকৃত হ'ব পৰাকৈ আঁচনি ৰূপায়নৰ উদ্দেশ্য বিশেষকৈ আলোচনা কৰে ৷ উপস্থিত থাকে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চাউন মেইন লগতে ৰাজ্য কেবিনেট মন্ত্ৰী পাচং দৰ্জী ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ পূব পৰিষদৰ সদস্য সকলক উষ্ম আদৰণি জনোৱাৰ লগতে পৰিদৰ্শন বাবে সন্মতি প্ৰকাশ কৰে।

পেমা খান্ডু