আফগান-পাকিস্তান সংঘৰ্ষঃ নিৰীহ সাংবাদিকক লক্ষ্য কৰি লোৱা ঘটনাক গৰিহণা পিইচিৰ

আফগানিস্তানৰ চৰকাৰী সংবাদ মাধ্যমৰ সৈতে জড়িত আব্দুল জাহিৰ ছাফী নামৰ এগৰাকী ব্যক্তি ১৬ অক্টোবৰত কাবুলৰ এটা অসামৰিক অঞ্চলত সংঘটিত হোৱা বিমান আক্ৰমণত নিহত হৈছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, জেনেভাঃ দুদিনৰ ভিতৰত দুজন আফগান সাংবাদিকক হত্যা কৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব সংবাদ মাধ্যমৰ সুৰক্ষা আৰু অধিকাৰ সংস্থাই। তেওঁলোকে আহ্বান জনায় যে, সংবাদকৰ্মী সকলক লক্ষ্য কৰি লোৱাতো উচিত নহয় কিয়নো তেওঁলোকে নিজৰ কৰ্তব্যহে পালন কৰি আছে। 

স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, আফগানিস্তানৰ চৰকাৰী সংবাদ মাধ্যমৰ সৈতে জড়িত আব্দুল জাহিৰ ছাফী নামৰ এগৰাকী ব্যক্তি ১৬ অক্টোবৰত কাবুলৰ এটা অসামৰিক অঞ্চলত সংঘটিত হোৱা বিমান আক্ৰমণত নিহত হৈছিল।

উল্লেখযোগ্য যে, পাকিস্তান আৰু আফগানিস্তানৰ যুদ্ধত মৃত্যু হোৱা ছাফি (৫৫) এই বছৰ সমগ্ৰ বিশ্বৰ ১৪৫ সংখ্যক ভুক্তভোগী সংবাদ কৰ্মী হিচাপে পৰিগণিত হৈছে। ছাফিৰ মৃত্যুৰ পূৰ্বে ১৪ অক্টোবৰত পাকটিয়া নেচনেল ৰেডিঅ’ টেলিভিছনৰ (তালিবান শাসনৰ দ্বাৰা নিয়ন্ত্ৰিত) প্ৰাদেশিক সাংবাদিক আব্দুল গাফুৰ আবিদ (৪০)ক হত্যা কৰা হৈছিল। 

এই ঘটনাত টাৱাব আৰমান নামৰ আন এজন সংবাদ কৰ্মীও আহত হয়। ইতিমধ্যে আফগানিস্তানৰ স্বতন্ত্ৰ সাংবাদিক সংঘই দুয়োটা হত্যাকাণ্ডক গৰিহণা দিছে। লগতে শোকসন্তপ্ত পৰিয়ালসমূহক ন্যায় প্ৰদানৰ দাবী জনাইছে। 

পিইচি (press emblem campaign)য়ে আফগান সংবাদ মাধ্যমৰ দুয়োজন ব্যক্তিৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। লগতে আব্দুল জাহিৰ ছাফি আৰু আব্দুল গাফুৰ আবিদ দুয়োজনেই ঘটনাস্থলীৰ পৰা বাতৰি পৰিৱেশন কৰি আছিল, তেওঁলোকে নিৰাপদে কাম কৰাৰ স্বাধীনতা থকা উচিত বুলি উল্লেখ কৰিছে।

লক্ষ্যণীয় যে, চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৫ গৰাকী সংবাদ কৰ্মী ক্ৰমে এ ডি শ্বাৰ, আব্দুল লতিফ, চৈয়দ মহম্মদ শ্বাহ, ইমতিয়াজ মিৰ আৰু টুফাইল ৰিন্দক হত্যা কৰা হৈছে।

পাকিস্তান আফগানিস্তান